ৰে'লযাত্ৰীলৈ ভাৰতীয় ৰে'ল বিভাগে আগবঢ়াইছে বিশেষ সুবিধা

ৰে'লযাত্ৰীলৈ ভাৰতীয় ৰে'ল বিভাগে আগবঢ়াইছে বিশেষ সুবিধা

author-image
Asomiya Pratidin
New Update
ৰে'লযাত্ৰীলৈ ভাৰতীয় ৰে'ল বিভাগে আগবঢ়াইছে বিশেষ সুবিধা

ডিজিটেল ডেস্ক : ৰে'ল যাত্ৰীলৈ ভাৰতীয় ৰে'ল বিভাগে আগবঢ়াইছে বিশেষ সুবিধা। যাত্ৰীৰ সুবিধাৰ্থে ভাৰতীয় ৰে'ল সেৱাই হ্ৰাস কৰিছে টিকটৰ মূল্য। ৰে'ল বিভাগে বন্দে ভাৰত এক্সপ্ৰেছকে ধৰি বাতানূকুল তথা আন আন যাত্ৰীবাহী ৰে'লৰ টিকটৰ মূল্য ২৫ শতাংশ হ্ৰাস কৰিছে।

শনিবাৰে এক বিবৃতিযোগে ভাৰতীয় ৰে'ল বিভগে এই কথা প্ৰকাশ কৰে। ইতিমধ্যে ভাৰতীয় ৰে'লৱেৰ মাণ্ডলিক কাৰ্যালয়সমূহলৈ উক্ত সুবিধা প্ৰৱৰ্তন কৰাৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছে। উল্লেখ্য যে, ভিষ্টাডম আৰু বাতানূকুল আসনযুক্ত ডবা আদিৰ ক্ষেত্ৰতো এই সুবিধা প্ৰযোজ্য কৰা হ'ব।

আনহাতে ২৫ শতাংশ ৰেহাই মূল্যৰ পৰাই সংৰক্ষণ মাচুল,জি এচ টি কৰ আদি পৃথকে আদায় কৰা হ'ব। যদি গ্ৰাহকে পূৰ্বে ৰেহাই মূল্যৰ টিকট সংৰক্ষণ কৰি ৰাখে আৰু সেই টিকট কিবা কাৰণত ঘূৰাই দিব লগা হয়, তেন্তে নিৰ্দিষ্ট টিকটৰ মূল্য গ্ৰাহকে ঘূৰাই নাপাব।

ইয়াৰোপৰি সাংসদ,বিধায়ক,প্ৰাক্তন সাংসদ,স্বাধীনতা সংগ্ৰামী আদিয়ে তেওঁলোকৰ টিকটত এই সুবিধা উপলব্ধ নহ'ব। আনহাতে বন্ধ, উৎসৱ,বিশেষ ৰে'ল আদিৰ ক্ষেত্ৰত উক্ত সুবিধা প্ৰযোজ্য নহ'ব। উল্লেখযোগ্য যে, এই সুবিধা ১বছৰলৈকেহে প্ৰযোজ্য হ'ব।

Also Read: ৰাজগড়ত আৰক্ষীৰ অভিযান : এজনক গ্ৰেপ্তাৰ

indian railways