ৰাজগড়ত আৰক্ষীৰ অভিযান : এজনক গ্ৰেপ্তাৰ

ৰাজগড়ত আৰক্ষীৰ অভিযান : এজনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
ৰাজগড়ত আৰক্ষীৰ অভিযান : এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,ছয়দুৱাৰ: ভাং,ড্ৰাগছ,অৰুণাচলী সুৰা আৰু তীৰ খেলৰ বিৰুদ্ধে ৰাজগড়ত আৰক্ষীৰ অভিযান। অবৈধ সামগ্ৰী বিৰুদ্ধে কেইবাটাও সফল অভিযান চলাই গহপুৰৰ উত্তৰাঞ্চলৰ অসম-অৰুণাচল সীমান্তৰ বৃহত্তৰ ৰাজগড় এলেকাত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে ৰাজগড় আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ ভৰালীয়ে।

Advertisment

আৰক্ষী বিষয়া অভিজিৎ ভৰালীৰ নেতৃত্বত অব্যাহত থকা এনেধৰণৰ অভিযানৰ মাজতে শনিবাৰে বিয়লি প্ৰায় ৩-০০ বজাত ২ কিলো ৪১ গ্ৰাম ভাং জব্দ কৰাৰ লগতে এগৰাকী ভাং বেপাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ভাং বেপাৰীজনৰ নাম ধৰ্মেন্দ্ৰ শইকীয়া(৩৫) বুলি জানিব পৰা গৈছে।

সোনাপুৰ ৰঙাজানৰ নিজৰ ঘৰৰ পৰা ভাংসহ গ্ৰেপ্তাৰ হয় ধৰ্মেন্দ্ৰ শইকীয়া। উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি ভাং ব্যৱসায়ৰ লগত জড়িত ধৰ্মেন্দ্ৰই ঘৰৰ ভিতৰত ভাং মজুত কৰি থোৱা বুলি লাভ কৰা তথ্যৰ ভিত্তিত আজি এক অভিযান চলোৱা হৈছিল।

ৰাজগড় আৰক্ষীৰ উক্ত অভিযানত গ্ৰেপ্তাৰ হোৱা ধৰ্মেন্দ্ৰৰ বিৰুদ্ধে জামিন বিহীন ধাৰাত গোচৰ পঞ্জীয়ন কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।

Also Read: ধাৰাসাৰ বৰষুণ : দিল্লীৰ কেইবাঠাইত স্তব্ধ যাতায়ত

gohpur crime Assam police