প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰেই সলনি হৈছে ভাৰতীয় ৰে'লৱেঃ পিছে উন্নতি নহয়, হৈছে অধোগতি

শ্লীপাৰ শ্ৰেণীৰ টিকটত ৬০ হাজাৰ কোটি ৰাজ সাহায্য, মালবাহী সেৱাত যোৱা বছৰৰ তুলনাত হ্ৰাস পালে ১০,৫০০ কোটি উপাৰ্জন
প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰেই সলনি হৈছে ভাৰতীয় ৰে'লৱেঃ উন্নতি নহয়, হৈছে অধোগতি
প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰেই সলনি হৈছে ভাৰতীয় ৰে'লৱেঃ উন্নতি নহয়, হৈছে অধোগতি

ডিজিটেল ডেস্কঃ ভাৰতৰ অৰ্থনীতিত ৰে'লৰ ভূমিকা অপৰিসীম। ভাৰতৰ অৰ্থনীতিত ৰে'লৱেৰ ভূমিকা কিমান সেয়া অনুমান কৰিব পাৰি সংসদত পৃথকে দাখিল কৰা ৰে'ল বাজেটৰ পৰাই। দশক দশক ধৰি ভাৰতীয় ৰে'লৱেয়ে দেশৰ বিকাশ আৰু প্ৰগতিত অনবদ্য অৱদান আগবঢ়াই আহিছে।

ভাৰতীয় ৰে'লৱেয়ে দেশক যিদৰে সেৱা আগবঢ়াইছে ঠিক সেইদৰে যথেষ্ট আৰ্থিক লাভো দেখুৱাইছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৎপৰতাত ভাৰতীয় ৰে'লৱে জগতখনৰ দৃশ্য সলনি কৰিবলৈ যথেষ্ট চেষ্টা কৰা পৰিলক্ষিত হৈছে। দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰিছে বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে ৰে'ল।

স্বয়ং প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছে পূৰ্বতকৈ বহু সলনি হৈছে ভাৰতৰ ৰে'লৱে খণ্ড। কিন্তু প্ৰধানমন্ত্ৰীৰ এনে দাবীৰ পৰিৱৰ্তে ৰে'ল বাজেট আৰু কিছু আনুসাংগিক তথ্যই মোডীৰ কাৰ্যকালত ৰে'লৱেৰ আৰ্থিক ক্ষতিৰ বৃদ্ধিৰ দিশটোকো উন্মোচিত কৰিছে।

মোডীৰ কাৰ্যকালতে দেশৰ ৰে'লৱেখণ্ডৰ আৰ্থিক লাভৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱাই নহয় ক্ৰমান্বয়ে লোকচানৰ দিশেহে আগবাঢ়িছে। ভাৰতীয় ৰে'লৱেৰ আৰ্থিক ক্ষতি বৃদ্ধি পোৱাৰ ফলতে আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্প লৈছে যদিও সেইবোৰ সম্পূৰ্ণ কৰাত যথেষ্ট দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছে।

চলিত বছৰত ভাৰতীয় ৰে'লৱেৰ অপাৰেটিং ৰেছিঅ' ৯৮.৬৫ শতাংশ। যাৰ অৰ্থ হৈছে ১০০ টকা আয় কৰিবলৈ ৰে'লৱেয়ে খৰচ কৰিবলগীয়া হৈছে ৯৮.৬৫ টকা। অৰ্থাৎ যি আয় হৈছে সেয়া খৰচ পূৰণ কৰোঁতেই শেষ হৈছে। এনে পৰিস্থিতিত ৰে'ল আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় কৰা ধনৰ পৰিমাণ হ্ৰাস পাইছে।

পৰিসংখ্যা অনুসৰি ভাৰতীয় ৰে'লৰ সামগ্ৰিক ৰাজহৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট দুৰ্বল হৈছে। বিগত বছৰত ভাৰতীয় ৰে'লৱেয়ে বিশেষকৈ শ্লীপাৰ শ্ৰেণীৰ যাত্ৰী ভাড়াতেই প্ৰায় ৬০ হাজাৰ কোটি টকা ৰাজসাহায্য পৰিশোধ কৰিছে। ইউ পি এ চৰকাৰৰ দৰেই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰে চলিত বিত্তীয় বৰ্ষত প্ৰতিটো টিকটত ৫৫ শতাংশ ৰাজসাহায্য পৰিশোধ কৰিছে।

শ্লীপাৰ শ্ৰেণীৰ যাত্ৰীৰ টিকটৰ মূল্যত ইমান বৃহৎ সংখ্যক ৰাজসাহায্য পৰিশোধ কৰিছে যদিও এই শ্ৰেণীৰ টিকটৰ মূল্য বৃদ্ধি কৰিবলৈ সাহস কৰা নাই ভাৰতীয় ৰে'লৱেয়ে। সেয়ে ৰে'ল যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে যদিও যাত্ৰীৰ ভাড়াৰ ওপৰত থকা ৰাজসাহায্যও বৃদ্ধি হৈছে। ফলস্বৰূপে ক্ষতিৰ পৰিমাণো বৃদ্ধি হৈছে।

ভাৰতীয় ৰে'লৱেৰ উপাৰ্জনৰ অন্যতম এক মুখ্য উৎস হৈছে মালবাহী সেৱা। কিন্তু শেহতীয়াকৈ ভাৰতীয় ৰে'লৱে এই খণ্ডতো ব্যৰ্থ হৈছে। চলিত বিত্তীয় বৰ্ষত, ৰে'লৱেই লক্ষ্যতকৈ প্ৰায় মালবাহী পৰিসেৱাৰ পৰা ১০ হাজাৰ ৫০০ কোটি টকা কম উপাৰ্জন কৰিছে। ভাৰতীয় ৰে'লৱে একমাত্ৰ সফল হৈছে পেঞ্চন খণ্ডৰ ব্যয় হ্ৰাস কৰাতহে।

দেশত সৰ্বাধিক লোক সংস্থাপিত হৈ থকা চৰকাৰী খণ্ডসমূহৰ ভিতৰত অন্যতম হৈছে ভাৰতীয় ৰে'লৱে। ২০২৩ চনত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাত দাখিল কৰা তথ্য অনুসৰি ১ ফেব্ৰুৱাৰী ২০২৩ লৈকে ভাৰতীয় ৰে'লৱেত কৰ্মৰত হৈ আছে ১১ লাখ ৭৫ হাজাৰ ৯২৫ গৰাকী কৰ্মচাৰী।

শেহতীয়াকৈ ৰে'ল মন্ত্ৰণালয়ে ৰে'ল কৰ্মচাৰীসকলৰ মাজত ব্যাপক সংস্কাৰমুখী সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে কাৰ্যকৰী কৰিছে নতুন পেঞ্চন নীতি। সেয়েহে পেঞ্চন খণ্ডত ৮ হাজাৰ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ পিছতো ভাৰতীয় ৰে'লৱেৰ মুঠ ৰাজহ মাত্ৰ ২০০০ কোটি টকা। যি পূৰ্বৰ বছৰৰ তুলনাত ২১০ কোটি কম।

উল্লেখ্য ২০০৪ চনত ভাৰতীয় ৰে'লৱেৰ বাজেট আছিল ৪৫ হাজাৰ কোটি টকা। এইবাৰ সেই পৰিমাণ পাঁচগুণ বৃদ্ধি হৈছে আঢ়ৈ লাখ কোটি টকা হৈছে বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোডীয়ে গৌৰৱবোধ কৰিছে যদিও এই বিষয়ত বিৰোধী ৰাজনৈতিকদলসমূহে গৌৰৱবোধ কৰিবলগীয়া বিশেষ একো নাই বুলি দাবী কৰিছে। তেওঁলোকৰ মতে সময়ৰ লগে লগে মূল বাজেটৰ আঁকাৰ বৃদ্ধি হয়। তেনেকৈয়ে ৰে'ল বাজেটো বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৬ ফেব্ৰুৱাৰী, ২০২৪ সোমবাৰে ভাৰ্ছুৱেলী ৪১ হাজাৰ কোটি টকা ব্যয়ৰে ৫৫৪ টা ৰে'লৱে ষ্টেচনৰ পুনৰ নিৰ্মাণ আৰু ১৫০০ ৰোড অভাৰব্ৰীজৰ শিলন্যাস কৰিলে। এই উদ্বোধনী মঞ্চৰ পৰাই তেওঁ ভাৰতীয় ৰে'লৱে খণ্ডৰ বিকাশ আৰু পৰিৱৰ্তনৰ কথা ক'লে। ইয়াৰ পিছতে তেওঁৰ সেই ভাষণৰ আঁত ধৰিয়েই একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰে'লৱেৰ পৰিৱৰ্তনৰ প্ৰকৃতছবিখন তুলি ধৰিছে।

প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰেই সলনি হৈছে ভাৰতীয় ৰে'লৱেঃ উন্নতি নহয়, হৈছে অধোগতি
তেজপুৰত অচিনাক্ত বাহনে মহতিয়াই অটোৰিক্সাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in