বিশ্বৰ ১০০ শীৰ্ষ বন্দৰৰ তালিকাত ভাৰতৰ ৯ টা বন্দৰৰ স্থান লাভঃ সোণোৱালে ক'লে এয়া বিৰল স্বীকৃতি...

বিশাখাপত্তনম বন্দৰে ২০২৩ চনত বিশ্বৰ শীৰ্ষ ২০টা বন্দৰৰ ভিতৰত ১৯ সংখ্যক স্থান লাভ কৰিছে

author-image
Asomiya Pratidin
New Update
বিশ্বৰ ১০০ শীৰ্ষ বন্দৰৰ তালিকাত ভাৰতৰ ৯ টা বন্দৰৰ স্থান লাভঃ সোণোৱালে ক'লে এয়া বিৰল স্বীকৃতি...

বিশ্বৰ ১০০ শীৰ্ষ বন্দৰৰ তালিকাত ভাৰতৰ ৯ টা বন্দৰৰ স্থান লাভঃ সোণোৱালে ক'লে এয়া বিৰল স্বীকৃতি...

ডিজিটেল সংবাদ নতুন দিল্লীঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ নেতৃত্বত আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালৰ নিৰৱচ্ছিন্ন সবল প্ৰচেষ্টাৰ ফলশ্ৰুতিত এতিয়া ভাৰতৰ বন্দৰসমূহে বিশ্বৰ আগশাৰীৰ বন্দৰসমূহৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে। ভাৰতৰ বন্দৰ উন্নয়ন কাৰ্যসূচীত এক গুৰুত্বপূৰ্ণ উৎসাহ যোগাই কন্টেইনাৰ প'ৰ্ট পাৰফর্মেন্স ইণ্ডেক্স (চিপিপিআই), ২০২৩-ৰ শেহতীয়া সংস্কৰণত ভাৰতৰ ৯টা বন্দৰে বিশ্বৰ শীৰ্ষ ১০০টা বন্দৰৰ তালিকাত স্থান লাভ কৰিছে। বিশ্ব বেংক আৰু এছ এণ্ড পি গ্ল'বেল মার্কেটিং ইন্টেলিজেঞ্চে প্রস্তুত কৰা এক প্রতিবেদন অনুসৰি এই তথ্য প্রকাশিত হৈছে।

Advertisment

বিশাখাপত্তনম বন্দৰে ২০২৩ চনত বিশ্বৰ শীৰ্ষ ২০টা বন্দৰৰ ভিতৰত ১৯ সংখ্যক স্থান লাভ কৰিছে, ২০২২ চনত ১১৫ নং স্থানৰ পৰা এয়া এক লক্ষণীয় উন্নতি। আনহাতে মুদ্ৰা বন্দৰে বৰ্তমানৰ ৰেংকিঙত সূচক ২৭ত উপনীত হৈছে, যোৱা বছৰৰ ৪৮ নং সূচকৰ পৰা ইয়াৰ স্থান বৃদ্ধি পাইছে।

এই অভিনৱ কৃতিত্বৰ সন্দৰ্ভত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে উল্লেখ কৰে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ ফলশ্রুতিত অভিনৱ সাগৰমালা কাৰ্যসূচীৰ জৰিয়তে দেশৰ বন্দৰসমূহৰ আধুনিকীকৰণ আৰু দক্ষতা তথা ক্ষমতা যথেষ্ট উন্নত হৈছে। বিশ্বৰ ১০০টা শীর্ষ বন্দৰৰ তালিকাত ৯টাকৈ ভাৰতীয় বন্দৰে স্থান লাভ কৰাৰ অভূতপূর্ব সাফল্যত আমি অতিশয় আনন্দিত হৈছোঁ। আমাৰ চৰকাৰে বন্দৰসমূহৰ প্ৰদৰ্শন উন্নত কৰা, দক্ষতা বৃদ্ধিৰ বাবে আধুনিকীকৰণৰ পদক্ষেপ লোৱা, যান্ত্রিকীকৰণ আৰু প্ৰযুক্তিগতভাৱে উন্নত পদক্ষেপ লোৱাৰ বাবেই এই কৃতিত্ব অর্জন হৈছে। জাহাজ আৰু কাৰ্গৰ দক্ষ পৰিচালনাৰ ক্ষেত্ৰত কাৰ্যকৰী দক্ষতা আৰু সেৱা এতিয়া যথেষ্ট উন্নতি হৈছে। মোডী চৰকাৰৰ নিৰলস প্রচেষ্টাই ভাৰতৰ সামুদ্রিক উদ্যোগক এক নতুন গতি দিছে, নতুন প্রযুক্তি আৰু সেউজ আন্তঃগাঁথনি অন্তর্ভুক্ত কৰাত সহায় কৰিছে। এইক্ষেত্রত নিৰন্তৰ প্ৰচেষ্টাৰ সৈতে আমি নিশ্চিত যে ভাৰতীয় সামুদ্রিক খণ্ডই অনাগত দিনবোৰত দেশৰ অর্থনৈতিক বিকাশ যাত্রাত শক্তিশালী ভূমিকা পালন কৰিব।"

বিশ্বৰ শীৰ্ষ ১০০টা বন্দৰৰ তালিকাত স্থান লাভ কৰা ভাৰতীয় বন্দৰসমূহ হৈছে বিশাখাপত্তনম (১৯ নং স্থান), মুদ্রা (২৭), পিপাভাভ (৪১), কামাৰাজৰ (৪৭), কোচিন (৬৩), হাজিৰা (৬৮), কৃষ্ণপত্তনম (৭১), চেন্নাই (৮০) আৰু জৱাহৰলাল নেহৰু (৯৬) বন্দৰ।

Also Read: মণিপুৰত পৃথক অভিযানত ৩ বিদ্ৰোহী আৰু বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ...

সৰ্বানন্দ সোণোৱাল বন্দৰ