/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5d6e2eeb-05bf-43ad-9b63-035f70233194/manipur_20.jpg)
মণিপুৰত পৃথক অভিযানত ৩ বিদ্ৰোহী আৰু বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ...
ডিজিটেল ডেস্কঃ গোষ্ঠীগত হিংসাত উত্তপ্ত হৈ থকা মণিপুৰত অব্যাহত আছে সেনা, আৰক্ষীৰ অভিযান। এনে অভিযানত বহু অস্ত্ৰ, শস্ত্ৰ, বিদ্ৰোহী সংগঠনৰ নেতা, সদস্য ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে।
শেহতীয়াকৈ পুনৰ ৰাজ্যখনত আছাম ৰাইফলছে অভিযান চলাই ৩ জন নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এক প্ৰান্তত বহু অস্ত্ৰ, শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আছাম ৰাইফলছৰ অফিচিয়েল এক্স হেণ্ডেলত আজি দিয়া তথ্য অনুসৰি ১৬ জুনত মণিপুৰৰ টেংনুপাল জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তৰ চংটঙৰ সাধাৰণ এলেকাত কেকেএলৰ দুজন কেডাৰ আৰু কেচিপিৰ এজন কেডাৰক আটক কৰা হৈছে।
ASSAM RIFLES APPREHENDS THREE INSURGENTS IN MANIPUR#AssamRifles apprehended two cadres of KYKL and one cadre of KCP in general area Songtong along Indo Myanmar Border, Tengnoupal District, Manipur on 16 June 2024.@HMOIndia @adgpi @PIBHomeAffairs pic.twitter.com/bLUF46z0MB
— The Assam Rifles (@official_dgar) June 20, 2024
আনহাতে ১৯ জুনত মণিপুৰ আৰক্ষীৰ সৈতে অসম ৰাইফলছে ইম্ফল পশ্চিম জিলাৰ সাধাৰণ এলেকা চাৰোইবুঙত এটা কাৰ্বাইন মেচিন গান, দুটা একক বেৰেল গান, টুৱেলভ গ্ৰেনেড, ছয় টিউব লাঞ্চিং, গোলাবাৰুদ আৰু অন্যান্য অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ASSAM RIFLES RECOVERS HUGE CACHE OF ARMS IN MANIPUR#AssamRifles alongwith Manipur Police recovered One Carbine Machine gun, Two single barrel Guns, Twelve Grenades, Six Tube launching, ammunition and other warlike stores in general area Charoibung, in Imphal West district,… pic.twitter.com/FhcOyrbpAo
— The Assam Rifles (@official_dgar) June 20, 2024