যুৱ গায়কে জিনিলে দেশবাসীৰ মন...

সুৰ-সংগীতৰ জগতত নিজৰ নাম খোদিত কৰিলে এজন যুৱকে। সুৰৰ মায়াজালেৰে মুহিত কৰি প্ৰাপ্তৰি হাঁহি মাৰিলে অযোধ্যাৰ যুৱকে

author-image
Asomiya Pratidin
New Update
যুৱ গায়কে জিনিলে দেশবাসীৰ মন...

ডিজিটেল ডেস্ক: সুৰ-সংগীতৰ জগতত নিজৰ নাম খোদিত কৰিলে এজন যুৱকে। সুৰৰ মায়াজালেৰে মুহিত কৰি প্ৰাপ্তিৰ হাঁহি মাৰিলে অযোধ্যাৰ যুৱকে। যাৰ নাম হৈছে ঋষি সিং। ভাৰতীয় সংগীত জগতত নিজৰ নাম জিলিকাবলৈ সক্ষম হ'ল যুৱকজনে। এটা অনুষ্ঠানৰ জৰিয়তে যুৱ গায়কজনে জিনিলে দেশবাসীৰ মন।

আপুনি যদি গান শুনি ভাল পাই বা গানৰ লগত জড়িত অনুষ্ঠান অথবা ৰিয়েলিটি শ্ব' চাই তেনে নিশ্চয় ঋষি সিং কোন জানিব পাৰিছে। হয়, নেশ্ব্যনেল টেলিভিচনৰ ৰিয়েলিটি শ্ব' "ইণ্ডিয়ান আইডলৰ-১৩" প্ৰতিযোগী আছিল ঋষি। ভাৰতীয় সংগীত জগতৰ আগশাৰীৰ সংগীতজ্ঞ তথা গায়ক বিশাল ডাডলানী, হিমেশ ৰেশমিয়া, নেহা কাক্কৰে বিচাৰ কৰা উক্ত অনুষ্ঠানটোৰ ফলাফল দেওবাৰে নিশা ঘোষণা কৰে।

সমগ্ৰ ভাৰততে জনপ্ৰিয়তা লাভ কৰা উক্ত অনুষ্ঠানটোৰ বিজয়ী খিতাপ দখল কৰে অযোধ্যাৰ যুৱক গৰাকীয়ে। বিজয়ী খিতাপত তেওঁ লাভ কৰে নগদ ২৫ লাখ টকাৰ লগতে এখন বিলাসী বাহনো । উল্লেখ্য যে, উক্ত অনুষ্ঠানটোত দেৱাশ্মিতা ৰয়ে দ্বিতীয় স্থান কৰাৰ বিপৰীতে তৃতীয় স্থান দখল কৰে চিৰাঙ কটৱালে।

Also Read: অৱশেষত সঁচা হ'ল শংকা ! এন এইচ পি চিৰ নদীবান্ধত ভয়ংকৰ ভূমিস্খলন

indian idol13