অৱশেষত সঁচা হ'ল শংকা ! এন এইচ পি চিৰ নদীবান্ধত ভয়ংকৰ ভূমিস্খলন

অৱশেষত সঁচা হ'ল শংকা ! এন এইচ পি চিৰ নদীবান্ধত ভয়ংকৰ ভূমিস্খলন

ডিজিটেল ডেস্ক : ৰাজ্যৰ দল-সংগঠন, বিশেষজ্ঞ সকলৰ তুমুল প্ৰতিবাদৰ মাজতো ৫ মাৰ্চত কেন্দ্ৰীয় চৰকাৰক উপহাৰস্বৰূপে পৰীক্ষামূলক ভাৱে বিদ্যুৎ উৎপাদনৰ বাবে মুকলি কৰি দিয়া হৈছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । চলিত বৰ্ষৰ জুন মাহলৈ দুটাকৈ টাৰ্বাইনৰ জৰিয়তে ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছিল যদিও ভৱিষ্যতে এই জলবিদ্যুৎ প্ৰকল্পটিত সৰ্বমুঠ ৮ টাকৈ টাৰ্বাইন কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম অথবা এন এইচ পি চিয়ে ।

কিন্তু নিৰ্মাণ কালৰে পৰাই বিভিন্ন দুৰ্ঘটনাৰ সন্মুখীন হৈ অহাৰ ওপৰিও বিভিন্ন সময়ত বিভিন্নজনে এই বান্ধৰ পৰা ভৱিষ্যতে হ'ব পৰা ক্ষয়-ক্ষতি পৰিমাণো যে ৰাজ্য চৰকাৰে বহন কৰিব পৰাতকৈ বহু গুণে বেছি সেই কথাও সকিয়াই দিছিল । কিয়নো নামনি সোৱণশিৰিৰ থুনুকা তথা বালিয়া পাহাৰীয়া মাটিত এনেধৰণৰ বান্ধ যে পৰৱৰ্তী সময়ত ভূমিস্খলনৰ দৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব সেই কথা নিশ্চিত আছিল । তাৰ পাছতো এই সকলো সকিয়নি, প্ৰতিবাদৰ প্ৰতি উদাস দৃষ্টি গ্ৰহণ কৰি ৫ মাৰ্চত পৰীক্ষামূলক ভাৱে বিদ্যুৎ উৎপাদনৰ বাবে আৰম্ভ কৰা হৈছিল জলবিদ্যুৎ প্ৰকল্পটো ।

এই জলবিদ্যুৎ প্ৰকল্পটি অসম আৰু অৰুণাচল প্ৰদেশৰ সীমাৰ মাত্ৰ ৩.২ কিলোমিটাৰৰ ভিতৰত খৰস্ৰোতা সোৱণশিৰি নৈৰ বুকুত নিৰ্মাণ কৰা বান্ধটোৰ সন্মুখত ৰৈ আছিল বাৰিষাকাল । মাৰ্চৰ পৰা ভৰপক বাৰিষালৈ মাজত মাথো তিনিটা মাহ । এই তিনিটা মাহতেই ৰাইজে ল'ব লাগিব নিজৰ নিজৰ দায়িত্ব । এতিয়া বাৰিষা নহৌতেই অৰুণাচল প্ৰদেশত অহা প্ৰৱল বৃষ্টিপাতে বান্ধটোৰ ওপৰিভাগৰ জলভাণ্ডাৰত জমা হৈছিল বিশাল পৰিমাণৰ পানী । পৰৱৰ্তী সময়ত এই পানীৰ হেচাতেই হয় ভূমিস্খলন ।

উল্লেখ্য যে, অসমীয়া প্ৰতিদিন ডিজিটেলে ২১ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এক বিশেষ প্ৰতিবেদনতেই প্ৰকাশ কৰিছিল এই শংকা, যে আগন্তুক সময়ছোৱা অসমীয়া বিশেষকৈ উত্তৰ অসমীয়া ৰাইজৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । যিকোনো মুহুৰ্ততেই বানপানীত তচনচ হৈ পৰিব পাৰে লক্ষাধিক ৰাইজৰ জীৱন ।

অৱশেষত সঁচা হ'ল শংকা ! এন এইচ পি চিৰ নদীবান্ধত ভয়ংকৰ ভূমিস্খলন
সাজু হৈ উঠিছে গেৰুকামুখ প্ৰকল্প, চৰকাৰ নহয় ৰাইজেই ল'ব লাগিব নিজৰ সুৰক্ষাৰ দায়িত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in