সমুদ্ৰৰ বুকুত বিলীন হোৱা মাছমৰীয়া উভতি আহিল ৰহস্যজনক ভাৱে...

সমুদ্ৰৰ বুকুত বিলীন হোৱা মাছমৰীয়া উভতি আহিল ৰহস্যজনক ভাৱে...

ডিজিটেল ডেস্ক : ১৯২৬ চনত আমেৰিকাৰ পোৰ্টলেণ্ডত ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈ পৰিছিল মাৰ্ভিন ক্লাৰ্ক । আজিলৈ কোনো সূংসুত্ৰ নোলাল মাৰ্ভিন ক্লাৰ্কৰ । ঠিক তেনেদৰেই প্ৰতি বছৰেই নিৰুদ্দেশ হৈ আহিছে শ শ লোক । ইয়াৰে কিছু সমুদ্ৰৰ অটল গহ্বৰত চিৰদিনৰ বাবে হেৰাই গৈছে । সমুদ্ৰ মানেই যেন ৰহস্য । এই ৰহস্যৰ পাৰ পাবলৈ আৰু বহু যুগৰ প্ৰয়োজন হ'ব মানৱ সভ্যতাক ।

এই সমুদ্ৰতেই বিগত বৰ্ষৰ ২৭ নৱেম্বৰত চিৰদিনৰ বাবে হেৰাই গৈছিল তামিলনাডুৰ দুজন মাছমৰীয়া এডিছন ডেভিছ আৰু আগষ্টিন নিমোছ । আগষ্টিনৰ নামৰ সৈতেই সাদৃশ্য আছে বিশ্ববিখ্যাত কেপ্তেইন নিমোৰ । যি সমাজ বৰ্জন কৰি সমুদ্ৰলৈ গতি কৰিছিল বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰি ।

ঠিক একদৰেই এই দুজন মাছমৰীয়া এক ১৫ জনীয়া দলত মাছ মাৰিবলৈ নামিছিল আন্তৰ্জাতিক জলত । কিন্তু দৈৱ দুৰ্বিপাকত কেৱল এই দুজন মাছমৰীয়াই অদৃশ্য হ'ল সমুদ্ৰৰ বুকুত । প্ৰথমাৱস্থাত পৰিয়ালৰ লোকেও কৰা নাছিল কোনো চিন্তা । কিয়নো সমুদ্ৰৰ নামত পাগল এই সকল লোকে ইয়াৰ পূৰ্বেও দিনৰ পাছত দিন কটাই পাইছে সমুদ্ৰত । কিন্তু এইবাৰ নাহিল কোনো খবৰ । ডিছেম্বৰৰ ২৫ তাৰিখলৈ কোনো খবৰ নহাত চিন্তিত হৈ পৰিল পৰিয়াল দুটি । কিয়নো ২০১৭ চনৰ সামুদ্ৰিক ধুমুহা অ'খিৰ স্মৃতি এতিয়াও সজীৱ সকলোৰে মনত ।

অৱশেষত নৱবৰ্ষৰ প্ৰথমটি সপ্তাহত উলটি আহিল মাছমৰীয়া দুজন । এওঁলোকৰ কথা এতিয়া সৰ্বত্ৰ চৰ্চিত । সংবাদ মাধ্যমৰ সন্মুখত জনোৱা অনুসৰি, বহু সময় মাছ নোপোৱাৰ পিছত ঘৰলৈ উভতাৰ কথা চিন্তা কৰিছিল দুয়ো । কিন্তু নাওখনৰ ইঞ্জিন বিকল হৈ পৰাত দুয়ো বতাহৰ সোতত আহি পাইছিল এটি মানৱ বৰ্জিত দ্বীপ । দ্বীপটোৰ পৰা ঘৰলৈ উভতি অহাৰ আশা বাদেই দিছিল দুয়ো । দ্বীপটোতেই নাৰিকলৰ পানীৰে জীয়াই ৰাখিছিল নিজকে । তেনে সময়তেই দ্বীপটোৰ কাষেৰে যোৱা এখন ব্ৰিটিছ জাহাজে উদ্ধাৰ কৰিছিল দুয়োকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in