/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a2e92df6-8f46-447f-9bbb-491100251f49/messi.jpg)
ফিফাৰ বৰ্ষশ্ৰেষ্ঠ তালিকাত স্থান লাভ মেছিৰ
ডিজিটেল ডেস্কঃ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ তালিকাত স্থান লাভ মেছি-এমবাপেৰ। সদ্যসমাপ্ত বিশ্বকাপত সোণৰ বুটজয়ী এমবাপে আৰু সোণৰ বলজয়ী মেছিয়ে ১৪ জনীয়া বৰ্ষশ্ৰেষ্ঠ তালিকাত আশা কৰা ধৰণে স্থান লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7e29d680-e02f-41ea-8cb5-4cd3b049d9d9/DU5EBDJCK3YHFJPPS3JMPJA53I.avif)
অৱশ্যে ইয়াৰ পৰা বঞ্চিত হৈছে বিশ্বকাপ ব্যৰ্থ তাৰকা ফুটবলাৰ ৰোণাল্ডো। বিগত বৰ্ষত যিসকল ফুটবলাৰে বিশ্ব ফুটবলত উজলি উঠিছে তাৰ ভিত্তিতেই খেলুৱৈসকলক স্থান দিয়া হৈছে।
বৰ্ষশ্ৰেষ্ঠ খেলুৱৈক স্থান দিয়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মেচৰ উপৰি ক্লাৱৰ ফুটবলকো গণ্য কৰা হৈছে। বিভিন্ন খেলুৱৈৰ উপৰিও এই তালিকাত স্থান পাইছে বেলন ডি অ'ৰ বঁটা বিজয়ী বেনজামাই।
আৰু পঢ়কঃ উৰুকাৰ নিশা মহানগৰীৰ প্রান্তে প্রান্তে চলিব আৰক্ষীৰ তালাচী