চীনৰ সৈতে বৃদ্ধি পাইছে সীমান্তৰ উত্তেজনা, প্ৰতিৰক্ষাৰ বাজেট বৃদ্ধি ভাৰতৰ...

চীনৰ সৈতে বৃদ্ধি পাইছে সীমান্তৰ উত্তেজনা, প্ৰতিৰক্ষাৰ বাজেট বৃদ্ধি ভাৰতৰ...

ডিজিটেল ডেস্ক : বৃদ্ধি পাইছে সীমান্তৰ উত্তেজনা । বিগত কিছু দিনত ভাৰতে সীমান্তৰ কিছু কিছু অংশত খোপনি হেৰুওৱা বুলি বাতৰি প্ৰকাশ হৈছিল দেশৰ সংবাদ মাধ্যমসমূহত । তা পাছতেই ১ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা কেন্দ্ৰীয় বাজেটত প্ৰতিৰক্ষা বিভাগলৈ আগবঢ়োৱা হ'ল ৫.৯৪ ট্ৰিলিয়ন টকা । প্ৰায় প্ৰত্যেক খন বাজেটৰ সৈতেই বৃদ্ধি কৰি থকা হৈছে প্ৰতিৰক্ষাৰ বাবে কেন্দ্ৰই আগবঢ়োৱা আৰ্থিক সাহাজ্যৰ পৰিমাণ ।

১৮৭৪ চনত ভাৰতে চলোৱা প্ৰথমটো পাৰমাণৱিক সম্পৰীক্ষাৰ পাছতেই সমগ্ৰ বিশ্বৰ সন্মুখত এক নতুন শক্তিৰূপে ধৰা দিছিল ভাৰতে । অৱশ্যে কোনোকালেই চুবুৰীয়া ৰাষ্ট্ৰক আক্ৰমণ কৰাৰ নজিৰ নাই ভাৰতৰ । সকলো কেইখন যুদ্ধ সংঘটিত হৈছিল কেৱল প্ৰতিৰক্ষাৰ বাবে ।

কিন্তু বিশ্বায়নৰ যুগত শেহতীয়াকৈ বৃদ্ধি পোৱা উত্তেজনাৰ সন্মুখীন হ'বলৈ হ'লেও সক্ষম হ'ব লাগিব ভাৰত । কেৱল দেশপ্ৰেমেই নহয় বৰং প্ৰতিৰক্ষাৰ উপযুক্ত সামগ্ৰীও লাগিব পৰ্যাপ্ত পৰিমাণে ।

পূৰ্বে আমেৰিকা, ফ্ৰান্স আৰু ৰাছিয়া আছিল ভাৰতক প্ৰতিৰক্ষাৰ সামগ্ৰী আমদানীৰ মূল বিক্ৰেতা । কিন্তু ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ পাছত ৰাছিয়াৰ পৰা প্ৰতিৰক্ষাৰ সামগ্ৰী ক্ৰয় কৰা ব্যাহত হৈ পৰিছে । যাৰ পৰিণতিত এতিয়া আন বিশ্বশক্তি সমূহৰ সৈতেও কৰিব লগীয়া হ'ব পাৰে আগন্তুক সময়ত আদান-প্ৰদান ।

বৰ্তমানৰ বাজেটত থকা প্ৰতিৰক্ষা বিভাগৰ অৰ্থনৈতিক সাহাজ্য বিগত বৰ্ষৰ তুলনাত ১৩ শতাংশ অধিক । যি নতুন অস্ত্ৰ, বিমান আৰু যুদ্ধৰ আন সামগ্ৰী ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা হ'ব ।

ইয়াৰে ২.৭৭ ট্ৰিলিয়ন ব্যৱহাৰ কৰা হ'ব প্ৰতিৰক্ষা বাহিনীৰ সৈতে জড়িত লোকসকলৰ দৰমহা আৰু আনুসংগিক খা-খৰচৰ বাবে । অৱশ্যে প্ৰতিৰক্ষাৰ এই বাজেট বৰ্তমানো সমগ্ৰ জি ডি পিৰ ২ শতাংশহে ।  

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in