/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/35f1d062-d7bc-42b5-a779-1bc3f8770c25/kaziranga_5.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : ফেব্ৰুৱাৰী মাহটো কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ বাবে এটা বিশেষ দিন। কিয়নো ১ ফ্ৰেব্ৰুুৱাৰীৰ পৰাই কাৰ্বি নৱবৰ্ষৰ আৰম্ভণি হয়। কাৰ্বি ভাষাত নিংকানকিমি অৰ্থাৎ কাৰ্বি নৱবৰ্ষৰ প্ৰথম দিনটো আনন্দ উল্লাসৰ মাজেৰে পাৰ কৰে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/115e8099-c38b-4368-abf3-f08e3b6822d5/WhatsApp_Image_2023_02_02_at_9_55_59_AM.jpeg)
কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা চন্দ্ৰ সিং ৰংপী গাঁৱত অতীজৰে পৰা বাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলেও দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী উলহ মালহেৰে উদযাপন কৰা দেখা গ’ল ৷
কাৰ্বি জনবসতিপূৰ্ণ আঠ খন গাওঁৰ ৰাইজে জনগোষ্ঠীয় ৰীতি নীতিৰে পূজা অৰ্চনা কৰাৰ লগতে পৰম্পৰাগত বিভিন্ন খেল ধেমালীৰে নৱবৰ্ষ উদযাপন কৰা পৰিলক্ষিত হ'ল ৷ পৰম্পৰা অনুসৰি এই দিনটোৰ পৰাই কাৰ্বিসকলে ঝুম খেতি কৰিবলৈও প্ৰস্তুতি চলায়।
আৰু পঢ়ক : মহাকাশত ৬.৫ ঘন্টা খোজ কাঢ়িব দুই মহাকাশচাৰীয়ে, চাব পাৰিব সমগ্ৰ বিশ্বই...