তুৰস্কলৈ সহায়ৰ হাত ভাৰতীয় নাগৰিকৰো...

উমাল বস্ত্ৰ উপহাৰ তুৰস্কৰ গৃহহাৰালৈ
তুৰস্কলৈ সহায়ৰ হাত ভাৰতীয় নাগৰিকৰো...

ডিজিটেল ডেস্ক : তুৰস্কৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমিকম্পটোই জোকাৰি গৈছিল সমগ্ৰ দেশখনক । পুৱতি নিশা দেশখনক জোকাৰি যোৱা এই ভূমিকম্পই সৰ্বনাশী ৰূপ লৈছিল অতি কম সময়ৰ ভিতৰতেই । ৭.৮ ৰিখটাৰ স্কেলৰ এই ভূমিকম্পই পুৱতি নিশাৰ নিদ্ৰাতেই গ্ৰাস কৰিছিল হেজাৰ হেজাৰ লোকক । তাৰ পাছতেই পৃথিৱীৰ প্ৰায় প্ৰত্যেক খন দেশৰেই চৰকাৰে মানৱীয়তাৰ প্ৰদৰ্শন কৰি সহায়ৰ হাত আগবঢ়াইছিল দেশখনলৈ । ইয়াৰে ভিতৰত ভাৰত আছিল অন্যতম । দুৰ্ঘটনাৰ কিছু সময়ৰ ভিতৰতেই তুৰস্কলৈ উৰা মাৰিছিল ভাৰতীয় উদ্ধাৰকাৰীৰ দল । লগত আছিল ঔষধ, প্ৰয়োজনীয় খাদ্য আৰু আন বহু অত্যাৱশ্যকীয় সামগ্ৰী ।

কিন্তু সেয়াই যথেষ্ট নাছিল দেশখনৰ বাবে । হাড় কপোৱা শীতে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মোৱাৰ লগতেই হেচা মাৰি ধৰিছিল দুৰ্ঘটনাগ্ৰস্তকাৰী সকলক । নিশা হ'লেই -২ ডিগ্ৰী চেলচিয়াছলৈ নামে শীত ।

তেনে সময়তেই মানৱীয়তাৰ চূড়ান্ত নিদৰ্শন দেখুৱালে কেইগৰাকীমান ভাৰতীয় নাগৰিকেও । ভাৰতস্থিত তুৰস্কৰ ৰাষ্ট্ৰদূত ফিৰাত চুনেলে এক টুইটযোগে শ্বেয়াৰ কৰে এই কথা । কুলদীপ, সুখদেৱ, গৌৰৱ আৰু অমৰজিৎ নামৰ চাৰি গৰাকী ভাৰতীয়ই স্বাক্ষৰ কৰা এখন পত্ৰৰ আলোকচিত্ৰ টুইট যোগে শ্বেয়াৰ কৰি ৰাষ্ট্ৰদূত গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে চাৰিওগৰাকী ভাৰতীয়লৈ । ইয়াৰ সৈতেই উল্লেখ কৰে উপনিষদৰ "বাসুদৈৱম কুটুম্বকম" অৰ্থাৎ "পৃথিৱীখনেই এক পৰিয়াল" ।

মানৱীয়তাৰ এই নিদৰ্শন ভাৰতীয় সকলৰ বাবে নতুন নহয় । ইয়াৰ পূৰ্বেও এনে বহু দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে বহু লোকলৈ ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in