ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ফিল্ড হাস্পতাল স্থাপন কৰিব ভাৰতীয় সেনাই...

ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ফিল্ড হাস্পতাল স্থাপন কৰিব ভাৰতীয় সেনাই...
ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ফিল্ড হাস্পতাল স্থাপন কৰিব ভাৰতীয় সেনাই...

ডিজিটেল ডেস্কঃ মধ্য প্ৰাচ্যৰ দেশ চিৰিয়া আৰু তুৰস্কত প্ৰকৃতিয়ে চলোৱা ধ্বংসলীলাৰ মাজত ভাৰতীয় সেনাৰ চিকিৎসকৰ দল। ভূমিকম্পই বিধ্বস্ত কৰা দেশত আগবঢ়াব চিকিৎসা সেৱা।

ভাৰত চৰকাৰে ভূমিকম্পই ধ্বংস কৰা তুৰস্কলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। উদ্ধাৰকাৰীৰ লগত প্ৰেৰণ কৰিছে খাদ্য সামগ্ৰী। আনহাতে ভূমিকম্পৰ ফলত আহত হোৱা লাখ লাখ লোকৰ চিকিৎসাৰ বাবেও প্ৰেৰণ কৰিছে এটা চিকিৎসকৰ দল।

এই দলটোৱে এখন ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ সকলোবোৰ সুবিধা আগবঢ়াব। ভাৰতীয় সেনাৰ উদ্ধাৰকাৰী দলৰ সৈতে ৰাওনা হৈছে এই চিকিৎসকৰ দলটো।

তেজপুৰস্থিত ভাৰতীয় সেনাৰ ফ'ৰ ক'ৰ্পছৰ পি আৰ অ'ৰ ফালৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, আগ্ৰাস্থিত আৰ্মি ফিল্ড হস্পিটেলে তুৰস্কলৈ এটা ৮৯ জনীয়া চিকিৎসা দল প্ৰেৰণ কৰিছে।

এই চিকিৎসা দলটোত অন্যান্য চিকিৎসা দলৰ উপৰিও অৰ্থোপেডিক চাৰ্জিকেল দল, সাধাৰণ অস্ত্ৰোপচাৰ বিশেষজ্ঞ দল, চিকিৎসা বিশেষজ্ঞ দলক অন্তৰ্ভুক্ত কৰা হৈছে।

এই দলটোৱে ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ সুবিধা প্ৰদান কৰিব। চিকিৎসালয়ত থকা সকলো সুবিধা যেনে এক্স-ৰে যন্ত্ৰ, ভেণ্টিলেটৰ, অক্সিজেন উৎপাদন প্ৰকল্প, কাৰ্ডিয়াক মনিটৰ, এম্বুলেঞ্চ আৰু প্ৰয়োজনীয় সঁজুলি লগত লৈ গৈছে দলটোৱে।

ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ফিল্ড হাস্পতাল স্থাপন কৰিব ভাৰতীয় সেনাই...
প্ৰতিকূল বতৰকো নেওচি নিৰ্ধাৰিত সময়তেই হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in