/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1ea83918-a038-408b-84ba-0d35084cd050/sankar_sangha_08.jpg)
প্ৰতিকূল বতৰকো নেওচি নিৰ্ধাৰিত সময়তেই হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন...
ডিজেটেল ডেস্কঃ নিৰ্ধাৰিত সময় মতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰিৰ অধিৱেশন। প্ৰতিকূল বতৰৰ বাবে অধিৱেশনৰ কাৰ্যসূচী ৪ ৰ পৰা ৫ দিন পিছুৱাই দিয়াৰ চিন্তা চৰ্চা কৰিছিল যদিও অৱশেষত নিৰ্দিষ্ট সময় মতেই অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে, মঙ্গলবাৰে নিশা অহা এজাক বৰষুণে অধিৱেশনস্থলীত বিপৰ্যয়ৰ সৃষ্টি কৰিছে। অধিৱেশনস্থলীৰ বিশাল পথাৰত জমা হৈছে পানী। চাৰিওদিশে কেৱল বোকা।
অধিৱেশনৰ বাবে নিৰ্মাণ কৰা অস্থায়ী ভোজনালয়তো সোমাইছে পানী। ইফালে আজিৰ পৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনীস্থলীতো সমাইছে পানী, চাৰিওফালে হৈছে বোকা।
এনে পৰিস্থিতিত অধিৱেশনৰ আয়োজক সমিতিয়ে অধিৱেশনখন ৪ ৰ পৰা ৫ দিন পিছুৱাই দিয়াৰ চিন্তা চৰ্চা কৰিছিল। এই সন্দৰ্ভত সংঘৰ মূলৰ নেতৃত্বকো অৱগত কৰা হৈছিল।
কিন্তু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত অধিৱেশনখন পিছুৱাই দিয়াটো কোনো কাৰণতে সম্ভৱ নহয়। কিয়নো অধিৱেশনৰ বাবে ইতিমধ্যে দূৰ-দূৰণীৰ ভকত বৈষ্ণৱে যাত্ৰা আৰম্ভ কৰিছে।
সেয়ে আলোচনাৰ অন্তত আয়োজক সমিতিৰ সম্পাদক ড০ কমল গগৈয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে অধিৱেশন পিছুৱাই দিয়া নাই বুলি জনাইছে।
Also Read: ৰাজ্যিক কৰ্মচাৰীয়ে পাব ৪ দিন ছুটিঃ বঞ্চিত হ'ব শিক্ষক সমাজ...