/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/92b4a2fb-fb2d-467c-8d1f-98b47ddf37d5/army_09.jpg)
সেনাৰ ইউনিউৰ্মক লৈ ডাঙৰ সিদ্ধান্ত...
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ ইউনিফৰ্মক কেন্দ্ৰ কৰি এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰে পৰা ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াই পৰিধান কৰিব নোৱাৰিব পৃথক পৃথক ইউনিফৰ্ম।
ভাৰতীয় সেনাৰ বিগ্ৰেডীয়াৰ আৰু তাতোকৈ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে একেই ইউনিফৰ্ম পৰিধান কৰিব লাগিব। অৱশ্যে কৰ্ণেল অথবা তাতোকৈ তলৰ ৰেংকৰ বিষয়াসকলৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য কৰা হোৱা নাই।
খবৰ অনুসৰি অহা ১ আগষ্টৰ পৰা বিগ্ৰেডীয়াৰ আৰু তাতোকৈ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে একেই উইনিফৰ্ম পৰিধান কৰিব। উল্লেখ্য যে, সেনাৰ ৰেজিমেণ্ট, সেৱা, অস্ত্ৰ আদিৰ সৈতে ইউনিফৰ্মৰ সম্পৰ্ক থাকে।
কিন্তু এতিয়াৰে পৰা বিগ্ৰেডীয়াৰ বা তাতোকৈ ওপৰৰ বিষয়াসকল যি ৰেজিমেণ্টৰে যি সেৱাৰে নহওক কিয় একেই ইউনিফৰ্ম পৰিধান কৰিব লাগিব। বিগ্ৰেডীয়াৰ বা তাতোকৈ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে ইতিমধ্যে ইউনিট, বেটেলিয়ন আদিক কমাণ্ড কৰিছে।
তেওঁলোকৰ বেছি ভাগেই মুখ্য কাৰ্যালয় বা প্ৰতিষ্ঠানত নিযুক্তি হৈ আছে আৰু একেলগে কাম কৰে। সেয়ে এইসকল বিষয়াৰ বাবে একেই পোচাকৰ ব্যৱস্থা কৰা হৈছে। এই সিদ্ধান্ত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা ভাৰতীয় সেনা কামাণ্ডাৰ সন্মিলনত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত বিস্তৃত ভাৱে আলোচনা কৰা হৈছে।
Also Read: গ্ৰেপ্তাৰ হ'ল ইমৰান খান ! ৰণক্ষেত্ৰলৈ পৰিণত ন্য়ায়ালয় চৌহদ...