গ্ৰেপ্তাৰ হ'ল ইমৰান খান ! ৰণক্ষেত্ৰলৈ পৰিণত ন্য়ায়ালয় চৌহদ...
ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ'ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। আজি পাকিস্তানৰ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখৰ পৰা ইমৰান খানক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।
প্ৰকাশিত খবৰ অনুসৰি ভূমি কেলেংকাৰী সংক্ৰান্ত এটি গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সূচনা হৈছে।
ৰণক্ষেত্ৰলৈ পৰিণত হৈছে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদ।ফলত অতি গুৰুতৰ ভাৱে আহত হৈছে ইমৰান খানৰ অধিবক্তাগৰাকী। খবৰ অনুসৰি ইমৰান খানক পাকিস্তানৰ ৰেঞ্জাৰসকলে আদালত চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰিছে।
উচ্চ ন্যায়ালয় চৌহদত ইমৰান খান প্ৰৱেশ কৰাৰ লগে লগে ৰেঞ্জাৰসকলে তেওঁক ঘেৰি ধৰে আৰু এখন গাড়ীত তুলি অজ্ঞাত স্থানলৈ লৈ গৈছে। তেওঁক গ্ৰেপ্তাৰৰ সময়ত ইমৰান খানৰ দল পি টি আইৰ সমৰ্থক আৰু সাধাৰণ মানুহে বাধা প্ৰদান কৰিছিল।
অৱশ্যে তেওঁলোকৰ বাধা অতিক্ৰম কৰি ৰেঞ্জাৰৰ দলটোৱে তেওঁক লৈ যায়। ফলত ৰণক্ষেত্ৰলৈ পৰিণত হয় উচ্চ ন্যায়ালয় চৌহদ।