অষ্টমবাৰৰ বাবে ভাৰতৰ হাতলৈ 'এছিয়া কাপ'ৰ ট্ৰফী

অষ্টমবাৰৰ বাবে ভাৰতৰ হাতলৈ 'এছিয়া কাপ'ৰ ট্ৰফী

ডিজিটেল ডেস্কঃ অষ্টমবাৰৰ বাবে ভাৰতৰ হাতলৈ এছিয়া কাপৰ ট্ৰফী। এছিয়া কাপ ২০২৩ ত বৃহৎ জয় ভাৰতৰ। ভাৰতীয় বলাৰে দমনীয় প্ৰদৰ্শন কৰে ফাইনেলত। ১০ উইকেটত শ্ৰীলংকাক পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতে।

আজিৰ খেলত শ্ৰীলংকাৰ প্ৰদৰ্শন অতি শোচনীয় আছিল। ১৫.2 অভাৰত ৫০ ৰাণ কৰি ইনিংছ সামৰিছিল শ্ৰীলংকাই। তাৰপাছতে ভাৰতীয় দলটোৱে এটা উইকেট নেহেৰুৱাকৈ লক্ষ্য পূৰ কৰে।

৬.১ অভাৰতে খেল সামৰে ভাৰতীয় ক্ৰিকেট দলটোৱে। ভাৰতৰ হৈ শুভমান গিল ২৭ ৰাণ (নট আউট) আৰু ঈশান কিষাণে ২৩ ৰাণ (নট আউট) কৰে।

আজি ভাৰতৰ হৈ ৬ টা উইকেট দখল কৰে মহম্মদ চিৰাজে লগতে হাৰ্দিক পাণ্ডিয়াই দখল কৰে ৩টাকে উইকেট। ইয়াৰ পূৰ্বে ভাৰতে ৭ বাৰ এছিয়া কাপত জয়লাভ কৰিছিল। ২০১৮ চনৰ পাছত এইবাৰ ২০২৩ ৰ এছিয়া কাপৰ ট্ৰফী ভাৰতৰ হাতলৈ যায়।

অষ্টমবাৰৰ বাবে ভাৰতৰ হাতলৈ 'এছিয়া কাপ'ৰ ট্ৰফী
GMCH ৰ পৰা ৰোগী নিৰুদ্দেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in