/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/33d3ced1-a351-42cf-8eaf-9436e6cb7ef9/gm.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত চাঞ্চল্যকৰ ঘটনা। চিকিৎসালৰ পৰা ৰোগী নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই সৃষ্টি কৰিছে চিকিৎসা মহাবিদ্যালয়খনত।
১২ ছেপ্টেম্বৰত মেডিচিন ৱাৰ্ডত ভৰ্তি হৈছিল গণেশ কাৰ্কী নামৰ লোকজন। তাৰপাছতে ৰহস্যজনকভাৱে ১৬ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে গণেশ কাৰ্কী। এই পৰ্যন্ত সন্ধান পোৱা নাই গনেশ কাৰ্কী।
কেনেকৈ সন্ধানহীন হ'ল ৰোগীগৰাকী এতিয়ালৈকে জানিব পৰা হোৱা নাই। পৰিয়ালৰ লোকে ৰোগীগৰাকীক বিচৰাৰ লগতে আৰক্ষীকো অৱগত কৰিছে।
উল্লেখ্য যে, এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও চিকিৎসা মহাবিদ্যালয়খনৰ পৰা ৰোগী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈ আহিছে। কিয় বাৰে বাৰে চিকিৎসালয়খনত এনে কাণ্ড সংঘটিত হ'বলৈ পাই সেয়া এক ডাঙৰ প্ৰশ্ন। চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতি নে আন কিবা কাৰণত এই কাণ্ড সংঘটিত হ'ল সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব।
Also Read: ১৫ অভাৰতে ইনিংছ সমাপ্ত শ্ৰীলংকাৰঃ চিৰাজে ল'লে ৬ উইকেট