লক্ষ্য ২০৩৬ৰ অলিম্পিক !

লক্ষ্য ২০৩৬ৰ অলিম্পিক !

ডিজিটেল ডেস্ক : ব্লুপ্ৰিন্ট সাজু, লক্ষ্য অলিম্পিক । কিন্তু এইবাৰ কেৱল খেলিবলৈ নহয় বৰং আয়োজন কৰিবলৈ । বুধবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে । ২০৩৬ বৰ্ষৰ অলিম্পিক আয়োজনৰ বাবে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীক প্ৰস্তাৱনা আগবঢ়াইছে ভাৰতে । এতিয়া কেৱল অপেক্ষা ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ । আগন্তুক বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত কৰা হ'ব আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৈঠক । তাতেই নিজৰ পৰিকল্পনা দাঙি ধৰিব ভাৰতীয় অলিম্পিক সংস্থাই । এই সন্দৰ্ভত, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে কয় যে, যদি ভাৰতে জি-২০ সন্মিলনত সভাপতিত্ব কৰিব পাৰে তেন্তে ভৱিষ্যতলৈ অলিম্পিকো আয়োজন কৰিব পাৰিব ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতে ১৯৮২ চনত এছিয়ান গেমছ আৰু ২০১০ চনত কমনৱেল্থ গেমছ আয়োজন কৰিছিল । অলিম্পিকৰ দৰে মহাসমাৰোহ হ'ব ভাৰতৰ প্ৰথম অভিজ্ঞতা । আনহাতে, এই দৌৰত ভাৰতৰ সৈতে আছে কাটাৰ । ফিফা বিশ্বকাপৰ সফল আয়োজনৰ পাছত এইবাৰ অলিম্পিকলৈ মন মেলিছে কাটাৰে । তেনেস্থলত কাটাৰক পৰাস্ত কৰি ভাৰতলৈ অলিম্পিক লৈ অনাটো কঠিন হ'ব দেশৰ বাবে ।

আনহাতে, অলিম্পিকৰ বাবে ইতিমধ্যে থিৰাং কৰা হৈছে ভেন্যু । দেশৰ প্ৰধান মন্ত্ৰীৰ ৰাজ্য গুজৰাটত অনুষ্ঠিত কৰা হ'ব অলিম্পিক যদিহে অনুমতি লাভ কৰে । কিয়নো গুজৰাটত আছে সকলো ধৰণৰ ক্ৰীড়া আয়োজনৰ ব্যৱস্থা । ইয়াৰ ওপৰিও ৰাজ্যখনত আছে উন্নতমানৰ ক্ৰীড়াৰ আন্ত:গাঁথনি থকাৰ ওপৰিও অন্যান্য সা-সুবিধাও আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in