খেল ২০২২ : অসমৰ প্ৰাপ্তি অম্লান, নয়নমণি...

খেল ২০২২ : অসমৰ প্ৰাপ্তি অম্লান, নয়নমণি...
খেল ২০২২ : অসমৰ প্ৰাপ্তি অম্লান, নয়নমণি...

খেল এতিয়া ধেমালি নহয়। খেল এতিয়া কেৰিয়াৰ। খেলৰ জৰিয়তে ৰাজ্যখনক, দেশক তুলি ধৰিব পাৰি বিশ্বত। অৰ্জন কৰিব পাৰি খ্যাতি। খেলৰ জৰিয়তেই নিজ দেশৰ সংস্কৃতি কঢ়িয়াই লৈ যাব পাৰি বিশ্বলৈ। যোৱা সময়ছোৱাত অসমৰ খেলুৱৈয়ে তাকেই কৰিলে। নিজেই খ্যাতি অৰ্জন কৰাৰ উপৰিও বিশ্বৰ ক্ৰীড়া মঞ্চত তুলি ধৰিলে দেশক। ২০২২ ৰ ক্ৰীড়াংগনত অসমে কি পালে? বছৰৰ শেষত সেইবোৰেই হিচাপ কৰাৰ এক প্ৰয়াসেৰে অসমীয়া প্ৰতিদিন ডিজটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

''এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন''- সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই ১৯৯৫ চনতেই ৰচনা কৰা এই গীতে ক্ৰীড়াৰ লক্ষ্য, উদ্দেশ্যক সুন্দৰকৈ প্ৰকাশ কৰিছে। খেলৰ জড়িয়তেই আহে শান্তি, খেলৰ জড়িয়তেই আহে প্ৰগতি।

যোৱা সময়ছোৱাত বিশেষকৈ অসমত খেলে এক গতি লাভ কৰিছে। খেল আৰু খেলুৱৈক চৰকাৰৰ লগতে অভিভাৱক সকলেও গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ অন্তৰালৰ কাৰণ হয়তো হিমা, লাভলীনা, শিৱহঁতৰ সফলতা।

খেল এতিয়া ধেমালি হৈ থকা নাই। খেল এতিয়া সুন্দৰ এক কেৰিয়াৰ। খেলৰ জড়িয়তেই আজিৰ তাৰিখত সংস্থাপন লাভ কৰাই নহয়, বিচৰা সকলোবোৰ আৰ্জিব পৰা এক পৰিবেশ গঢ়লৈ উঠিছে। খেলৰ জৰিয়তেই হিমা, লাভলীনা, নয়নমণি হৈছে অসম আৰক্ষীৰ ডি এছ পি।

এইখন অসমত সৌ সিদিনালৈকে গাঁৱে, ভূঞে বিভিন্ন খেল ধেমালিৰ পয়োভৰ আছিল। পৰম্পৰাগত খেলৰ উপৰিও ফুটবল, ক্ৰিকেট, ভলীবল আদিৰে খেল পথাৰ ভৰি আছিল।

সন্তোষ ট্ৰফী, বৰদলৈ ট্ৰফী আদিত দেখা পোৱা গৈছিল ফুটবল প্ৰেমীৰ ভিৰ। সময়ৰ লগে লগে সেই পৰিৱেশ এতিয়া সলনি হ'ল। গাঁৱৰ খেল পথাৰ উকা হৈ পৰি ৰ'ল।

মোবাইল, কম্পিউটাৰ গেমছৰ পয়োভৰৰ লগে লগে সলনি হোৱা গ্ৰাম্যাঞ্চলৰ এই খেলৰ পৰিৱেশৰ বিপৰীতে অৱশ্যে পদ্ধতিগত ভাৱে খেলৰ চৰ্চা কৰা,অনুশীলন কৰাৰ এক নতুন পৰিৱেশ গঢ় লৈ উঠিল। বৰ বেছিদিনৰ কথা নহয়, ধিঙৰ কান্ধুলিমাৰীৰ পৰা গৈ বিশ্ব ক্ৰীড়াত ধুমুহা সৃষ্টি কৰা হিমা দাসৰ সফলতাই লাহে লাহে সলনি কৰিলে অসমৰ ক্ৰীড়াৰ পৰিৱেশ।

হিমাৰ পিছত সেই পৰিৱেশক এক নতুন মাত্ৰা প্ৰদান কৰিলে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে। লাভলীনাৰ সফলতাই আজিও অসমৰ প্ৰতিজন লোককে ৰোমাঞ্চিত কৰি ৰাখে। কোনে পাহৰিব পাৰিব অলিম্পিকৰ সেই সময়খিনি?

হিমা, লাভলীনাই লাভ কৰা সেই সফলতাৰ উপৰিও ক্ৰিকেটত ৰিয়াং পৰাগ, বক্সিঙত শিৱ থাপা, সাঁতোৰত শিৱাংগী শৰ্মা, আস্থা চৌধুৰী আদিয়েও অসমৰ বৰ্তমানৰ খেলৰ পৰিৱেশক জিপাল কৰি ৰাখিছে।

চলিত বছৰত অসমে ক্ৰীড়া ক্ষেত্ৰত কি পালে, কি হেৰুৱালে? ক্ৰীড়া ক্ষেত্ৰৰ যোগাত্মক অথবা ঋণাত্মক দিশবোৰ কি আছিল? এই দিশসমূহ আলোচনাৰ বাবে আমি উভতি চাব লাগিব চলিত বছৰৰ আৰম্ভণিৰ পৰা এৰি অহা সময়লৈ।

লনবল আৰু নয়নমণি শইকীয়াৰ সফলতা

২০২২ ত অসমৰ যিসকল খেলুৱৈয়ে অলিম্পিক ক্ৰীড়াত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিলে সেই সকলৰ ভিতৰত নয়নমণি শইকীয়া। বাৰ্মিংহাম কমনৱেলথ গেমছত অংশগ্ৰহণ কৰাই নহয় ইতিহাস সৃষ্টি কৰি নয়নমণি শইকীয়াই অৰ্জন কৰিলে সোণৰ পদক।

কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়া প্ৰথমগৰাকী অসমীয়া। এই সফলতাৰ বাবেই নয়নমণিলৈ ভাৰত চৰকাৰে আগবঢ়ালে অৰ্জুন সন্মান। ইয়াৰ লগে লগে অৰ্জুন সন্মান লাভ কৰা অসমৰ সপ্তমগৰাকী অৰ্জুন।

আনহাতে অসম চৰকাৰেও ক্ৰীড়া নীতিৰ আধাৰতে বন বিভাগৰ বনৰক্ষী হিচাপে কৰ্মৰত নয়নমণি শইকীয়াক ডি এছ পি পদলৈ পদোন্নতি দিলে। আনহাতে গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াতো চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰে অসমৰ লনবল দলটোৱে। অসমৰ লনবল দলটোৱে প্ৰতিযোগিতাখনত সৰ্বাধিক ৮ টা পদক লাভ কৰিবলৈ সক্ষম হয়।

বক্সিং- লাভলীনা, যমুনা, অংকুশিতা, শিৱৰ সফলতা

অসমৰ ক্ৰীড় ক্ষেত্ৰলৈ সফলতা কঢ়িয়াই অনা খেলুৱৈৰ তালিকাত অৱধাৰিত ভাৱেই নাম আহিব লাভলীনা বৰগোহাঁইৰ। অলিম্পিকৰ পিছত কমনৱেলথ গেমছত বিফল হ'লেও লাভলীনাই ২০২২ ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত সোণ, ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত সোণ, ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ কৰে।

লাভলীনাৰ উপৰিও অংকুশিতা বড়োৱে ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ, নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ উপৰিও আন কেইবাখনো প্ৰতিযোগিতাত সফলতা লাভ কৰিছে। একেদৰে যমুনা বড়ো, ফাইলাও বসুমতাৰীয়েও ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিলে ব্ৰঞ্জৰ পদক।ইয়াৰোপৰি ২০২২ চনত কাজাখস্তানত অনুষ্ঠিত এলৰ্ডা কাপত যমুনা বড়োই ৰূপৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।

অৱশ্যে পুৰুষ বক্সাৰৰ ভিতৰত একমাত্ৰ শিৱ থাপাৰ বাহিৰে আন বক্সাৰে বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত নহ'ল। কমনৱেলথ গেমছত ব্যৰ্থ হ'লেও শিৱই এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ লগতে এই প্ৰতিযোগিতাত সৰ্বাধিক সফল বক্সাৰ হিচাপে পৰিগণিত হৈ পৰিল। এই পৰ্যন্ত শিৱই এইখন প্ৰতিযোগিতাত ৬ টা পদক অৰ্জন কৰিছে।

দেশৰ দ্ৰুততম মানৱ হিচাপে স্বীকৃতি লাভ কৰিলে অম্লানে

এথলিটকছত চলিত বছৰৰ আটাইতকৈ চৰ্চিত এথলিট আৰু অসমৰ প্ৰাপ্তি হৈছে অম্লান বৰগোহাঁয়ে। ইতিমধ্যে দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিচিত হোৱা অম্লানে ৰাষ্ট্ৰীয় ক্ৰীড়াত দুটাকৈ সোণৰ পদক অৰ্জন কৰাৰ উপৰিও আন কেইবাখনো প্ৰতিযোগিতাত সফলতা লাভ কৰিলে।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোতেই অম্লানে ৰেকৰ্ড ব্ৰেক কৰিলে। ২০০ মিটাৰৰ পিছত ১০০ মিটাৰত দ্ৰুততম মানৱ হিচাপে পৰিগণিত হ'ল অম্লান। অৱশ্যে ২০২২ হিমাৰ বাবে বৰ বিশেষ ভাল নাছিল।

হিমাক আদৰ্শ হিচাপে লৈয়ে আকৌ অসমৰ তৰুণ এথিলিটসকলে অসম আৰু অসমৰ বাহিৰত অনুষ্ঠিত হোৱা কেইবাখনো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিলে।

হিমাই কমনৱেলথ, ৰাষ্ট্ৰীয় ক্ৰীড়া সকলোতেই বিমুখ কৰিলে অসমক। অৱশ্যে ভুলৰ পৰা শিক্ষা লৈ হিমাই পুনৰ ট্ৰেকত ধুমুহা আনিবলৈ বদ্ধ পৰিকৰ হৈছে।

শিৱাংগী, আস্থা, বিক্ৰমহঁতে আগুৱাই লৈ গৈছে অসমৰ সাতোৰক

সাঁতোৰত অসমে ২০২২ ত পালে বহু উল্লেখনীয় সফলতা। ২০২২ চনৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সাতোৰ দলে ৬ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। অসমৰ আস্থা চৌধুৰীয়ে ১০০ মিটাৰ বাটাৰফ্লাইত ৰাষ্ট্ৰীয় অভিলেখৰে স্বৰ্ণ পদক অৰ্জন কৰে।

১.০৩.৩৭ সময়ৰে আস্থাই নিজৰ নামত থকা অভিলেখেই ভংগ কৰে।অসমৰ শিৱাংগী শৰ্মায়ো ১০০ ফ্ৰীষ্টাইলত লাভ কৰে সোণৰ পদক। প্ৰতিযোগিতাখনত আস্থা চৌধুৰীয়ে ১ টা সোণ আৰু ১ টা ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে শিৱাংগী শৰ্মাই ১ টা সোণ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভ কৰে।

অসমৰ বিক্ৰম চাংমাইয়ে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত ৭২ সংখ্যক নেচনেল একুৱাটিক চেম্পিয়নশ্বিপতো শিৱাংগী শৰ্মা আৰু আস্থা চৌধুৰী জিলিকি উঠিছিল। নেচনেল একুৱাটিক চেম্পিয়নশ্বিপত শিৱাংগী শৰ্মাই ৩ টা স্বৰ্ণ পদক অৰ্জন কৰাৰ বিপৰীতে আস্থা চৌধুৰীয়েও ১ টা স্বৰ্ণ আৰু ২ টা ৰূপৰ পদক লাভ কৰে।

শিৱাংগী শৰ্মা, আস্থা চৌধুৰী, জাহ্ণৱী কাশ্যপ, দিশান্ত বৰগোহাঁই, মানস প্ৰতিম বৈশ্য, অংশুমান কাশ্যপকে ধৰি বহু তৰুণ সন্তৰনবিদে অসমক দিলে সফলতা। এটাৰ পিছত এটাকৈ কঢ়িয়াই আনিলে সোণৰ পদক।

চাইক্লিঙত অসমে আৰম্ভ কৰিছে বিজয়ৰ যাত্ৰা

বছৰৰ প্ৰায় শেষৰ ফালে অসমত অনুষ্ঠিত হৈছিল চাইক্লিং চেম্পিয়নশ্বিপ। প্ৰতিযোগিতাখনত অসম দলটোৱে টীম পাৰছুইটত দখল কৰিলে ব্ৰঞ্জৰ পদক। ইয়াৰোপৰি চয়নিকা গগৈয়েও লাভ কৰিলে সফলতা। ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক দখল কৰা চয়নিকাই এই বছৰতে যোগদান কৰিলে ৰে'লৱেৰ চাকৰিত।

শ্বুটিঙত অকলেই যুঁজি আছে হৃদয়ে

২০২২ বৰ্ষত কেৰালাত অনুষ্ঠিত ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ হৃদয় হাজৰিকাই ৰূপ জয় কৰে। ১০ মিটাৰ ৰাইফল শাখাত ৰূপৰ পদক জয় কৰে প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ে।

ছানমা, ৰংগীলাহঁতে উশ্বুৰ জৰিয়তে আনিছে সফলতা

উশ্বুত ছানমা ব্ৰহ্ম, ৰংগীলা দৈমাৰী, সঞ্জীৱ কুমাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিলে ৰূপ আৰু ব্ৰঞ্জ। একেদৰে উত্তৰ পূৱ অলিম্পিক, উত্তৰ পূৱ মণ্ডল খেলো ইণ্ডিয়া ৱমেনছ উশ্বু আদিত অসমক প্ৰদৰ্শন আছিল চকুত লগা।

ভৰাত্তোলনত অসমক তুলি ধৰিছে পপী হাজৰিকাই

২০২২ চনত অনুষ্ঠিত খেলো ইণ্ডিয়া ৱ'মেনছ গেমছৰ ভাৰত্তোলনত অসমৰ পপী হাজৰিকাই স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ পাছত গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ হৈ একমাত্ৰ পদকটোও অৰ্জন কৰে পপী হাজৰিকাই।

মহিলাৰ ৫৯ কেজি ওজন শাখাত ৰূপৰ পদক লাভ কৰে এইগৰাকী অসম সন্তানে। ২০২২ চনত শ্বিলঙত অনুষ্ঠিত নৰ্থ ইষ্ট অলিম্পিকত অসম দলটোৱে ৫ টা স্বৰ্ণসহ ১৩ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়।

এইদৰেই অলিম্পিক ক্ৰীড়াত অসমে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিলে সফলতা। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ সফলতাৰ তালিকাখন দীঘলীয়া যদিও আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ দৃষ্টি নিক্ষেপ কৰিলে অৱশ্যে নিৰ্দিষ্ট কেইজনমান খেলুৱৈক বাদ দি নতুন খেলুৱৈৰ চমক দেখিবলৈ পোৱা নগ'ল।

অলিম্পিকৰ অন্তৰ্ভুক্ত প্ৰতিবিধ খেলৰ জৰিয়তে বহু কেইজন তৰুণ খেলুৱৈয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া, উত্তৰ পূৱ অলিম্পিক আদিৰ জৰিয়তে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। অৱশ্যে তাৰ মাজতে উত্তৰ পূৱ অলিম্পিকত অসমৰ বাস্কেট বলৰ দলটোৰ আচৰণে অসমৰ ক্ৰীড়া ক্ষেত্ৰক লজ্জিতও কৰিলে।

আই এছ এলত অসমৰ ফুটবলাৰ

পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস পালেও আই এছ এলে দেশৰ ফুটবল ক্ষেত্ৰখনক কিছু পৰিমাণে হ'লেও উজ্জিৱীত কৰি ৰাখিছে। বৰ্তমানে আই এছ এলত অসমৰ অতি কমেও ১২ জনকৈ ফুটবলাৰে বিভিন্ন দলৰ হৈ খেলি আছে।

হায়দৰাবাদ এফ চিত হলিচৰণ নাৰ্জাৰীয়ে ইতিমধ্যে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ২০২১-২২ চিজনত হলিচৰণ নাৰ্জাৰীয়ে হায়দৰাবাদ এফ চিৰ হৈ ৪ টাকৈ গ'ল কৰে। ২০২২-২৩ চিজনতো এই পৰ্যন্ত হলিচৰণ নাৰ্জাৰীয়ে ৩ টাকৈ গ'ল কৰিবলৈ সক্ষম হৈছে।

হলিচৰণ নাৰ্জাৰীৰ বাহিৰেও আই এছ এলৰ বিভিন্ন ক্লাবত খেলি থকা অসমৰ খেলুৱৈসকল হ'ল ক্ৰমে প্ৰাঞ্জল ভূমিজ, ৰাকেশ প্ৰধান, বিনিত ৰায়, নবীন ৰাভা, গৌৰৱ বৰা, প্ৰজ্ঞান সুন্দৰ গগৈ, পাৰ্থিৱ সুন্দৰ গগৈ, নিখিল ডেকা, অমন চেত্ৰী, বাওৰিংদাও বড়ো ইত্যাদি। এইসকলৰ ভিতৰত প্ৰজ্ঞান সুন্দৰ গগৈ, পাৰ্থিৱ সুন্দৰ গগৈ আৰু নিখিল ডেকাই নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ আই এছ এলত অংশ লৈছে।

আই এছ এলৰ চলিত চিজনতো নর্থ ইষ্ট ইউনাইটেডৰ ব্যৰ্থতাৰ ধাৰাবাহিকতা অব্যাহত আছে। এই পৰ্যন্ত দলটো এখন খেলতো জয় লাভ কৰিবলৈ সক্ষম হোৱা নাই।

২০২২ ত অসমৰ ক্ৰিকেট

অসমৰ ক্ৰিকেট জগতখনৰ বাবে ২০২২ আছিল উল্লেখনীয়। বিজয় হাজাৰে ট্ৰফীত ঘৰুৱা ক্ৰিকেটাৰৰ জৰিয়তেই অসম দলটোৱে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত উপনীত হয় গৈ।

দলটোৱে শক্তিশালী বহু কেইন ৰাজ্যক পৰাস্ত কৰি ছেমি ফাইনেলত উপনীত হোৱাত অসমৰ প্ৰতিজন ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ল। যাৰ বাবে অসম দলটোলৈ আৰ্থিক পুৰস্কাৰো আগবঢ়ালে অসম ক্ৰিকেট সন্থাই।

বিজয় হাজাৰেৰ ছেমি ফাইনেলত শক্তিশালী মহাৰাষ্ট্ৰৰ বিৰুদ্ধে শেষ মূহূৰ্তলৈ যুঁজ দি সমগ্ৰ দেশৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় অসমে। কোৱাৰ্টাৰ ফাইনেলত অসমে জন্মু- কাস্মীৰক ৭ উইকেটত পৰাস্ত কৰে ৷

গ্ৰুপ পৰ্যায়তো অসমে শক্তিশালী কৰ্ণাটক, বিদৰ্ভ, দিল্লীক পৰাস্ত কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত বিশেষভাৱে উজলি উঠে অসমৰ বেটছমেনসকল। অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে প্ৰতিযোগিতাখনত ৩টা শতক, ১টা অৰ্ধ-শতকৰে মুঠ ৫৫২ ৰান সংগ্ৰহ কৰে।

ৰিয়ানৰ বাহিৰেও কুনাল শইকীয়া, স্বৰূপম পুৰকায়স্থ, ৰাজাকুদ্দিন আহমেদ আদি ক্ৰিকেটাৰসকলোৱে উন্নত প্ৰদৰ্শন আগবঢ়ায়।

বি চি চি আইত অন্তুৰ্ভুক্ত হ'ল অসমৰ প্ৰতিনিধি

২০২২ ৰ অক্টোবৰত গঠন হোৱা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ BCCIৰ নতুন কমিটিত স্থান লাভ কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই। BCCIৰ যুটীয়া সম্পাদক পদত অধিষ্ঠিত হয় দেবজিত শইকীয়া। এই পদ অলংকৃত কৰা তেৱেঁই অসমৰ প্ৰথমজন ব্যক্তি।

অসমে উপভোগ কৰিলে ঘৰৰ মাটিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

অসম ক্ৰিকেটৰ আন এক সফলতা গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০। অতি সুন্দৰকৈ অনুষ্ঠিত কৰা এই টি-২০ খনত দেখা পোৱা গ'ল অসমৰ ক্ৰিকেট অনুৰগাৰী পাৰ ভঙা উৎসাহ। মেচখনত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে জয় লাভ কৰি এই উৎসাহক নতুন মাত্ৰা প্ৰদান কৰে।

২০২২ৰ ২ অক্টোবৰত অসমৰ বৰ্ষাপাৰা ষ্টেডয়ামত অনুষ্ঠিত হৈছিল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত শৃংখলাৰ দ্বিতীয়খন মেচ। মেচখনত ভাৰতে ১৬ ৰাণত বিজয় সাব্যস্ত কৰে। ভাৰতৰ বিশাল ২৩৮ ৰানৰ লক্ষ্য সমুখত লৈ দক্ষিণ আফ্ৰিকাই ২২১ ৰান কৰিবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰে মেচখনত ১০৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলে।

নিৰ্বাচন অবিহনেই গঠন হ'ল অসম ক্ৰিকেট সন্থাৰ নতুন কমিটী

২০২২ কতে অসম ক্ৰিকেট সন্থাৰ নতুন কমিটী নিৰ্বাচিত কৰা হয়। ঐক্যমতত উপনীত হৈ সকলোৱে বিধায়ত তৰংগ গগৈক সভাপতি হিচাপে লৈ নিৰ্বাচন অবিহনেই নতুন কমিটীখন গঠন কৰিলে। নিশ্চিত ভাৱে এয়া অসমৰ ক্ৰীড়া জগতৰ বাবে আশাৰ খবৰ।

অলিম্পিক ক্ৰীড়া, ক্ৰিকেটৰ উপৰিও চলিত বছৰত অসমৰ আন বহু খেলুৱৈয়ে নন অলিম্পিক, পেৰা অলিম্পিকৰ অন্তৰ্গত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছে। এই তালিকাখন হয়তো যথেষ্ট দীঘল।

সকলোৰে নাম উল্লেখ কৰাটোও সম্ভৱ নহয়।সামগ্ৰীক ভাৱে এটা কথাৰেই সামৰণি মাৰিব পাৰি, অসমত শেহতীয়াকৈ যি ক্ৰীড়াৰ এক সুস্থ পৰিৱেশ গঢ় লৈ উঠিছে সেই পৰিৱেশ দিনক দিনে অধিক সুসংগবদ্ধ হৈ আহিছে। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে নিশ্চিত ভাৱে এয়া আশাৰ খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in