ওড়িশাত বেলিষ্টিক মিছাইল 'অগ্নি প্ৰাইম'ৰ সফল পৰীক্ষণ

ওড়িশাত বেলিষ্টিক মিছাইল 'অগ্নি প্ৰাইম'ৰ সফল পৰীক্ষণ

ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে ভাল খবৰ। ওড়িশাৰ আব্দুল কালাম দ্বীপৰ নিশা ভাৰতে নতুন প্ৰজন্মৰ পাৰমাণৱিক সক্ষম 'অগ্নি প্ৰাইম' মিছাইলৰ সফল পৰীক্ষণ কৰে।জানিব পৰা মতে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(ডিআৰডিঅ)ই ১০০০ ৰ পৰা ২০০০ কিলোমিটাৰ পৰিসৰৰ মিছাইলটোৰ প্ৰথমটো প্ৰি ইণ্ডাকশ্যন (সশস্ত্ৰ বলত অন্তৰ্ভুক্ত কৰাৰ পূৰ্বে) নিশাৰ পৰীক্ষণ চলাইছিল।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে পৰীক্ষাটোৱে সকলোৰে লক্ষ্য পূৰণ কৰে আৰু এনেদৰে সশস্ত্ৰ বাহিনীত অস্ত্ৰ অন্তৰ্ভুক্ত কৰাৰ পথ প্ৰশস্ত কৰিছে। চীনৰ সৈতে চলি থকা সীমান্ত বিবাদৰ মাজতে মিছাইলটোৰ এই পৰীক্ষা কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয়, "নতুন প্ৰজন্মৰ বেলিষ্টিক মিছাইল 'অগ্নি প্ৰাইম'ৰ সফল পৰীক্ষণ ডিআৰডিঅ'ৰ দ্বাৰা ৭ জুনত ওড়িশা উপকূলৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা কৰা হৈছিল।"

বিবৃতিটোত কোৱা হৈছে, "মিছাইলটোৰ তিনিটা সফল বিকাশমূলক পৰীক্ষণৰ পিছত, সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰাৰ আগতে ব্যৱহাৰকাৰীয়ে কৰা এইটো প্ৰথম নিশাৰ পৰীক্ষণ আছিল। যিয়ে ইয়াৰ শুদ্ধতা আৰু নিৰ্ভৰযোগ্যতাক স্বীকৃতি দিয়ে।" প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই মিছাইলৰ সফল পৰীক্ষণৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

ওড়িশাত বেলিষ্টিক মিছাইল 'অগ্নি প্ৰাইম'ৰ সফল পৰীক্ষণ
গোৱালপাৰাত পিষ্টলেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা যুৱকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in