যাক সহায় কৰিছিল সেইজনেই আমেৰিকাত হত্য়া কৰিলে ভাৰতীয় ছাত্ৰক

যাক সহায় কৰিছিল সেইজনেই আমেৰিকাত হত্য়া কৰিলে ভাৰতীয় ছাত্ৰক

author-image
Asomiya Pratidin
New Update
যাক সহায় কৰিছিল সেইজনেই আমেৰিকাত হত্য়া কৰিলে ভাৰতীয় ছাত্ৰক

ডিজিটেল ডেস্কঃ আমেৰিকাৰ জৰ্জিয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নিৰ্মম হত্যা কৰ বলি হ'ল এজন ভাৰতীয় ছাত্ৰ। জানিব পৰা মতে ছাত্ৰগৰাকীয়ে এজন অঘৰীক সহায় কৰি আহিছিল । কিন্তু যেতিয়া ছাত্ৰজনে সহায় কৰা বন্ধ কৰে তেতিয়াই সেই লোকজনে হত্যা কৰে।

Advertisment

জৰ্জিয়াৰ লিথুৱানিয়াত এমবিএ শিক্ষাৰ্থী বিবেক চাইনীয়ে এখন দোকানত পাৰ্ট টাইম কাম কৰিছিল। বিবেকে গৃহহীন আৰু ড্ৰাগছ আসক্ত জুলিয়ান ফাউলকাৰক আশ্ৰয় দিছিল। বিবেকে মানুহজনক চিপচ, পানী আৰু জেকেট দি সহায় কৰিছিল।

কিন্তু ১৬ জানুৱাৰীত ২৫ বছৰীয়া বিবেকে ফ'কনাৰক বিনামূলীয়াকৈ দুপৰীয়াৰ আহাৰ পৰিৱেশন কৰাত অস্বীকাৰ কৰে। যাৰ বাবে সেই লোকজনে বিবেকক হত্যা কৰে।

বিবেকে যেতিয়া ঘৰৰ পৰা ওলাই আহিছিল তেতিয়া লোকজনে আক্ৰমণ কৰে। হাতুৰীৰে প্ৰায় ৫০ বাৰকৈ কোব মাৰে বিবেকৰ মূৰ আৰু মুখত। যাৰ ফলত মৃত্যু হয় বিবেকৰ।

বিবেক ২৬ জানুৱাৰীত ঘৰলৈ অহা কথা আছিল। কিন্তু তাৰ পূৰ্বে তেওঁৰ হত্যা হয়। বিবেকৰ ঘৰ হাৰিয়ানাত।

Also Read: ঢকুৱাখনাত গেৰুৱা দলত যোগ দিলে সহস্ৰাধিকে