/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e512eb15-b81e-4378-b6d2-ed01395cc117/AP_FOR_WEB__1.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমাগত লোকসভাৰ নিৰ্বাচন । ভাৰতীয় জনতা পাৰ্টিৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু সাংসদ সম্প্ৰতি ব্যস্ত হৈ পৰিছে সাংগঠনিক বুনিয়াদ মজবুত কৰাত । তাৰেই অংশ হিচাপে সোমবাৰে ঢকুৱাখনাত গেৰুৱা দলটোৰ উদ্যোগত অনুষ্ঠিত হয় এক যোগদান কার্যসূচী । বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত ঘিলামৰা ,ঢকুৱাখনা আৰু পশ্চিম ঢকুৱাখনা মণ্ডলৰ সহযোগত ঢকুৱাখনা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ঢকুৱাখনা মহকুমা পুথিভঁৰাল প্ৰেক্ষাগৃহত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e346d45d-febd-4063-8a39-121076d84891/AP_FOR_WEB__2.jpg)
সোমবাৰে দুপৰীয়া ১-৩০বজাত আৰম্ভ হোৱা এই যোগদান কাৰ্যসূচীত বিধায়ক নৱ দলে উপস্থিত থাকে । জিলা সভাপতি প্ৰদীপ চমুৱাই সঞ্চালনা কৰা যোগদান কাৰ্যসূচীত প্ৰবীণ গেৰুৱা নেতা যতীন বৰুৱা,লক্ষেশ্বৰ সোণোৱাল আদিয়ে অংশগ্ৰহণ কৰে।
সভাতেই বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ কেইবা সহস্ৰাধিক নেতৃবৰ্গ আৰু প্ৰাক্তন কৰ্মকৰ্তাই গেৰুৱা দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে। নবাগত সকলক বিধায়ক দলে আৰু দলীয় নেতৃবৰ্গই গেৰুৱা দলৰ গল বস্ত্ৰ , টুপী আদিৰে উষ্ণ সম্বৰ্ধনাৰে আদৰণি জনাই ।
Also Read: 'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক চৈয়দ ৰবিউল হকক অসম সাহিত্য সভাই জনাব বিশেষ সম্বর্ধনা