'ইণ্ডিয়া'ৰ লগত নাথাকে! বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আপে

তাৰ মাজতে আম আদমী পাৰ্টীয়ে কৰিছে এক ডাঙৰ ঘোষণা। বিধানসভা নিৰ্বাচনক লৈ ঘোষণা কৰিছে আপে।

author-image
Asomiya Pratidin
New Update
'ইণ্ডিয়া'ৰ লগত নাথাকে! বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আপে

ডিজিটেল ডেস্কঃ বৰ্তমান দেশত বিৰোধী মিত্ৰজোট 'ইণ্ডিয়া'ক লৈ সৰৱ চৰ্চা চলি আছে। তাৰ মাজতে আম আদমী পাৰ্টীয়ে কৰিছে এক ডাঙৰ ঘোষণা। বিধানসভা নিৰ্বাচনক লৈ ঘোষণা কৰিছে আপে।

Advertisment

হাৰিয়ানা বিধানসভা নিৰ্বাচনক অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমী পাৰ্টীয়ে। দলটোৱে সিদ্ধান্ত লৈছে যে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰিব আৰু ৯০ খন বিধানসভা আসনত প্ৰাৰ্থী প্ৰদান কৰিব।

বিৰোধী মৰ্চা 'ইণ্ডিয়া'ৰ অংশ হোৱাৰ পাছতো আপে এয়া স্পষ্ট কৰি দিছে যে বিধানসভা নিৰ্বাচনত তেওঁলোকে কোনো মিত্ৰতা নকৰে। আপৰ এই সিদ্ধান্তই 'ইণ্ডিয়া' আৰু কংগ্ৰেছক বহু প্ৰভাৱিত কৰিব বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে ইয়াৰ ক্ষেত্ৰত কংগ্ৰেছে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

মঙলবাৰে দিল্লীৰ হাৰিয়ানা গোটৰ কাৰ্যালয়ৰ বাবে প্ৰশিক্ষণ শিবিৰৰ পিছত ৰাজ্যসভাৰ সাংসদ তথা আপৰ ৰাষ্ট্ৰীয় সংগঠনৰ সাধাৰণ সম্পাদক ড০ সন্দীপ পাঠকে এই ঘোষণা কৰে।

ৰাষ্ট্ৰীয় পৰ্যায়ত আপ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ অংশ। কিন্তু পঞ্জাৱত দুয়োটা দলৰ মাজত কিছু মতভেদ পৰিলক্ষিত হয়। তাত দুয়োটা দলে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছিল। এতিয়া হাৰিয়ানাতো আপে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।

আপে হাৰিয়ানা নিৰ্বাচনত যথেষ্ঠ গুৰুত্ব আৰোপ কৰিছে। দলৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে সোমবাৰে দিল্লীত তেওঁৰ বাসগৃহত হাৰিয়ানাৰ আপ নেতাসকলৰ সৈতে এখন বৈঠকতো অংশ গ্ৰহণ কৰিছিল।

Also Read: ১০ হাজাৰ টকাৰ বিনিময়ত পিতৃয়ে বিক্ৰী কৰিলে কনমানিক

aap arvind kejriwal