বিশ্বৰ সৰ্বাধিক বিলিয়নেয়াৰৰ দেশৰ তালিকাত তৃতীয় স্থানত ভাৰত

বিশ্বৰ সৰ্বাধিক বিলিয়নেয়াৰৰ দেশৰ তালিকাত তৃতীয় স্থানত ভাৰত

ডিজিটেল ডেস্ক : তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ ভাৰত । এফালে দেশৰ কৃষকে হতাশাত আত্মহত্যা কৰে, আনফালে ৰাজহুৱা বেংকৰ পৰা হেজাৰ হেজাৰ কোটি টকাৰ ঋণ মাফ হয় পুঁজিপতিৰ । এফালে যদি বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি হাহাকাৰ কৰিছে একাংশই, আনফালে আকৌ হেজাৰ কোটিৰ ঋণৰ দায়িত্ব লৈয়ে দেশত্যাগ কোনো ব্যৱসায়ীৰ । ভাৰত কেৱল সামাজিক, সাংস্কৃতিক অথবা ৰাজনৈতিক দিশৰ পৰাই বৈচিত্ৰময় নহয় বৰং অৰ্থনীতিৰ দিশতো বৈচিত্ৰময় ।

কিয়নো সৰ্বাধিক বিলিয়নেয়াৰৰ দেশৰ তালিকাত ভাৰতৰ স্থান তৃতীয় । যি সময়ত অৰ্থনৈতিক সংকটৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকে চৰকাৰী সাহায্যৰ আশাত বন্দী সেই সময়তেই ভাৰতত আছে মুঠ ১৬৯ গৰাকী বিলিয়নেয়াৰ আৰু এওঁলোকৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৭৫ বিলিয়ন ডলাৰ । অৱশ্যে বিগত বৰ্ষৰ তুলনাত এই পৰিমাণ ৭৫ বিলিয়ন ডলাৰ কম ।

এই তালিকাৰ শীৰ্ষত ৭৩৫ গৰাকী বিলিয়নেয়াৰেৰে আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত আছে ৪৯৫ গৰাকী বিলিয়নেয়াৰেৰে চীন । ১২৫ গৰাকী বিলিয়নেয়াৰেৰে জাৰ্মানী চতুৰ্থ স্থানত আৰু ১০৫ গৰাকী বিলিয়নেয়াৰেৰে ৰাছিয়া পঞ্চম স্থানত আছে ।

বিশ্বৰ সৰ্বাধিক বিলিয়নেয়াৰৰ দেশৰ তালিকাত তৃতীয় স্থানত ভাৰত
ঐতিহাসিক লাংকুৰি দেওশাল প্ৰাংগনত ছাই-ফা পূজা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in