/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/558adcc8-88be-4e57-8fe8-efd526f4bb65/puja1.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ : টাই আহোমসকলৰ প্ৰচলিত পূজাসমূহৰ ভিতৰ ছাই-ফা পূজা হ'ল এক অতি গুৰুত্বপূৰ্ণ পূজা। দেশত অপায় অমঙ্গলে দেখা দিলে ৰজাঘৰীয়াই সেই সময়ত চৰাইদেউত থকা আহোম সকলৰ উপসনা স্থলী লাংকুৰি দেওশালত এই পূজা পালন কৰি আহিছে।
শেহতীয়াকৈ চৰাইদেউৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ ইউনেস্কৰ বিশ্ব ঐতিহ্য স্থানৰ বাবে অসম পুৰাতত্ব বিভাগে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে । অহা চেপ্তেম্বৰ মাহত ইউনেস্কৰ সজাতি দলে চৰাইদেউত উপস্থিত হব । বিশ্ব ঐতিহ্য স্থানৰ চূড়ান্ত তালিকাত স্থান প্ৰাপ্তত যাতে সুকলমে লাভ কৰে তাৰ বাবে পূৰ্বাঞ্চল টাই সাহিত্য সভা আৰু স্বৰ্গদেউ সকলৰ স্মৃতি তৰ্পন সমিতিৰ উদ্যোগত আহোম সকলৰ পৰম্পৰাগত ৰীতি -নীতিৰে কালি চৰাইদেউ দেওশাল প্ৰাংগনত ছাই-ফা পূজা অনুষ্ঠিত কৰে ৷
এই উপলক্ষে পুৱা দেওশালৰ প্ৰাংগনত পাটসাকোঁ অঞ্চলৰ অহা পুৰোহিতসকলে টাই পৰম্পৰাগত নিয়মেৰে অনুসৰি পূজা সম্পন্ন কৰি চৰাইদেউ বিশ্ব ঐতিহ্য থলীৰ স্থান পোৱা ক্ষেত্ৰত থকা সকলো বাধা-বিঘিনি যাতে দূৰ হয় তাৰবাবে নৈবেদ্য আগবঢ়োৱাৰ উপৰিও পুৰুষক পৰা আশিষ বিচাৰে ৷