/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a9c76789-cec0-4dea-b3dd-d02e25329cf4/gghh.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম নাট্য সন্মিলনৰ স্বীকৃতি প্ৰাপ্ত সক্ৰিয় আৰু গতিশীল জিলা শাখা লখিমপুৰ জিলা নাট্য সন্মিলনৰ দ্বি বাৰ্ষিক অধিবেশনখন দেওবাৰে অনুষ্ঠিত হৈ যায় । ঘিলামৰাৰ শাখা ইংগিত নাট্য গোষ্ঠীৰ আতিথ্যত ঘিলামৰাৰ কৃষ্টি ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হয় এই জিলা দ্বিবাৰ্ষিক অধিৱেশন । অধিৱেশনৰ প্ৰথম কাৰ্যসূচী অনুসৰি গৰিষ্ঠসংখ্যক নাট্যনকৰ্মীৰ উপস্থিতিত জিলা সন্মিলনৰ পতাকা উত্তোলন কৰে জিলা নাট্য সন্মিলনৰ সভাপতি কনকেশ্বৰ ডেকা ৰাজ কোঁৱৰে।
তাৰোপৰি উত্তোলন স্থলীত উদ্যোগক্তা ঘিলামৰা শাখা নাট্য সন্মিলন ইংগিত নাট্য গোষ্ঠীৰ পতাকা উত্তোলন কৰে ঘিলামৰা শাখাৰ সভাপতি শৈলেন দত্তই । ইয়াৰ পৰৱৰ্তী সময়ত অনুষ্ঠিত জিলা সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি ও বিষয় বাচনি সভাত সভাপতিত্ব কৰে জিলা সভাপতি কনকেশ্বৰ ডেকা ৰাজকোঁৱৰে।
জিলা সন্মিলনৰ অন্তৰ্গত প্ৰায় ১২খন শাখাৰ প্ৰতিনিধিত্বই অংশগ্ৰহণ কৰা জনাকীৰ্ণ প্ৰতিনিধি সভাত জিলা সন্মিলনৰ সাধাৰণ সম্পাদক ৰাজীৱ হাজৰিকাই বিগত কাৰ্যকালৰ স্বচ্ছ হিচাপ আৰু খতিয়ান সভাত দাখিল কৰে।
জিলা সন্মিলনৰ সভাপতিৰ সভাপতিত্ব অনুষ্ঠিত প্ৰতিনিধি সভাই অনাগত দুবছৰীয়া কাৰ্যকালৰ বাবে এখন নতুন শক্তিশালী জিলা সমিতি সৰ্বসন্মত ভাবে গঠন কৰে। সন্মিলনৰ সূত্ৰই জানিবলৈ দিয়া মতে নতুন সমিতিখনত জিলা সভাপতি হিচাপে প্ৰদীপ কুমাৰ শৰ্মাক, কাৰ্যকৰী সভাপতি হিচাপে তৰুন চন্দ্র বৰা, উপ সভাপতি হিচাপে ৰাজীৱ হাজৰিকা, ৰঞ্জিত ফুকন, আৰু অঞ্জু ভৰালীক, সাধাৰণ সম্পাদক হিচাপে ঘিলামৰাৰ সঞ্জয় ফুকন, সহ সম্পাদক হিচাবে মুকুল ভুঞা আৰু প্ৰাঞ্জল বৰ গোহাঁই, সাংগঠনিক সম্পাদক হিচাবে দুলাল হাজৰিকা আৰু কোষাধ্যক্ষ যদুমনি লাহনক সৰ্বসন্মত ভাবে মনোনীত কৰা হয়।
অধিবেশনৰ সতে সংগতি ৰাখি অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে প্ৰবীণ নাট্য কৰ্মী প্ৰদীপ কুমাৰ শৰ্মাই । মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে বিশিষ্ট নাট্যকৰ্মী সুভাষ দিহিঙীয়াই অংশগ্ৰহণ কৰে। সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰি অধিবেশনৰ সফল পৰিসমাপ্তি ঘটোৱা হয় ।
Also Read: লক্ষীৰাম বৰুৱা সদনত ড০ শিৱনাথ বৰ্মনৰ প্ৰথম মৃত্যু দিৱস পালন