ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট উৎক্ষেপণৰ অনুমোদন...

ভাৰতৰ মহাকাশ নিয়ন্ত্ৰকে ব্যক্তিগত খণ্ডৰ প্ৰথমটো ৰকেট বিক্ৰম-এছ উৎক্ষেপণত অনুমোদন জনাইছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট উৎক্ষেপণৰ অনুমোদন...

ডিজিটেল ডেস্ক: ভাৰতৰ মহাকাশ নিয়ন্ত্ৰকে ব্যক্তিগত খণ্ডৰ প্ৰথমটো ৰকেট বিক্ৰম-এছ উৎক্ষেপণত অনুমোদন জনাইছে। বিক্ৰম-এছ হৈছে স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত এক উপ-কক্ষীয় বাহন।

Advertisment

মহাকাশ নিয়ন্ত্ৰক ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰই (আইএন-স্পেচ) কয়, "ইন-স্পেচে ব্যক্তিগত ষ্টাৰ্ট-আপ স্কাইৰুট এৰোস্পেচক ৰকেট উৎক্ষেপণৰ অনুমোদন জনাইছে।

এই ৰকেট ১৮ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত ইছৰোৰ সতীশ ধাৱান কেন্দ্ৰৰ পৰা মুকলি কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথমখন ৰকেট উৎক্ষেপণ চাবলৈ শ্ৰীহৰিকোটাত উপস্থিত থাকিব।

আৰু পঢ়ক: গোৱালপাৰাত বন বিভাগৰ অভিযানত জব্দ প্ৰায় ৪০ লাখ টকাৰ চোৰাং কাঠ

vikram s rocket isro