ভাৰতত এপলৰ প্ৰথমটো নিজা শ্ব' ৰুমঃ মাহে ভাড়া দিব লাগিব ৪২ লাখ...

ভাৰতত এপলৰ প্ৰথমটো নিজা শ্ব' ৰুমঃ মাহে ভাড়া দিব লাগিব ৪২ লাখ...
ভাৰতত এপলৰ প্ৰথমটো নিজা শ্ব' ৰুমঃ মাহে ভাড়া দিব লাগিব ৪২ লাখ...

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত হ’ল। অৱশেষত মুম্বাইত মুকলি হ’ল দেশৰ ভিতৰতে প্ৰথমটো এপলৰ নিজা শ্ব’ৰুম। আইফোন নিৰ্মাতা প্ৰতিষ্ঠান এপলে মঙ্গলবাৰে ভাৰতত তেওঁলোকৰ প্ৰথমটো শ্ব’ৰুম মুকলি কৰিলে।

প্ৰতিষ্ঠানটোৰ চি ই অ’ টিম কুকে মুম্বাইৰ বেন্দ্ৰা কুৰ্লা কমপ্লেক্স চমুকৈ বি কে চিত মুকলি কৰিলে এই শ্ব’ ৰুমটো। ইয়াৰ পাছতে গ্ৰাহকৰ বাবে মুকলি হৈছে শ্ব’ৰুমটো। এই ষ্টোৰটোৱে ২০ হাজাৰ বৰ্গফুট ক্ষেত্ৰ সামৰি লৈছে।  

ইয়াৰ বাবে এপলে বিকেচিক প্ৰতি মাহে ভাড়া হিচাপে আদায় দিব লাগিব ৪২ লাখ টকা। ইফালে এপলৰ এই নতুন শ্ব' ৰুমটো দেখাত অতি শুৱনি হৈছে। মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শ্ব' ৰুমটোৱে।

উল্লেখ্য যে, এপলে ভাৰতৰ বজাৰত প্ৰৱেশ কৰা ২৫ বছৰ হৈছে। ভাৰতৰ বজাৰত প্ৰতিষ্ঠানটোৰ ৰূপালী জয়ন্তী সম্পূৰ্ণ হোৱাত তেওঁলোকে মুকলি কৰিছে প্ৰথমটো শ্ব’ৰুম। অৱশ্যে অহা শুকুৰবাৰে দিল্লীত এপলে মুকলি কৰিব তেওঁলোকৰ দ্বিতীয়টো শ্ব’ৰুম। ভাৰতৰ বজাৰক লৈ এপল যথেষ্ট আশাবাদী।

শ্ব' ৰুমটোৰ ভিতৰৰ দৃশ্য
শ্ব' ৰুমটোৰ ভিতৰৰ দৃশ্য
ভাৰতত এপলৰ প্ৰথমটো নিজা শ্ব' ৰুমঃ মাহে ভাড়া দিব লাগিব ৪২ লাখ...
বিজেপিত ৰাজতন্ত্ৰ, নাই গণতন্ত্ৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in