গোৱাত ‘ভাৰত শক্তি সপ্তাহ-২০২৪’ আৰম্ভঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিলে উদ্বোধন

শক্তি সপ্তাহত বিশ্ব সমুদায়ৰ আগত জিলিকিছে অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বেনাৰ
গোৱাত ‘ভাৰত শক্তি সপ্তাহ-২০২৪’ আৰম্ভঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিলে উদ্বোধন

ডিজিটেল ডেস্কঃ ৬ ফেব্ৰুৱাৰী, ২০২৪ ৰ পৰা গোৱাত আৰম্ভ হৈছে 'ভাৰত শক্তি সপ্তাহ-২০২৪'ৰ দ্বিতীয় সংস্কৰণ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি এই অনুষ্ঠানৰ শুভ উদ্বোধন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভশীলতা অৰ্জন কৰাৰ ওপৰত সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছে। ইয়াৰে এক অংশ হিচাপে ভাৰত শক্তি সপ্তাহ আৰম্ভ কৰা হৈছিল।

৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত শক্তি সপ্তাহৰ দ্বিতীয় সংস্কৰণৰ প্ৰধান লক্ষ্য হৈছে শক্তিৰ উপলব্ধতা, ব্যয়সাধ্যতা আৰু বহনক্ষমতা নিশ্চিত কৰাৰ লগতে শক্তি সুৰক্ষাক অগ্ৰাধিকাৰ দি জৰুৰী বিশ্ব শক্তি প্ৰত্যাহ্বানসমূহৰ লগত ফলপ্ৰসূভাৱে মোকাবিলা কৰা।

উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ১৭ গৰাকী শক্তি মন্ত্ৰী, ৩৫,০০০ৰৰো অধিক অংশগ্ৰহণকাৰী আৰু ৯০০ ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিছে এই শক্তি সপ্তাহত। ইয়াৰোপৰি এই কাৰ্যক্ৰমত কানাডা, জাৰ্মানী, নেডাৰলেণ্ড, ৰাছিয়া, ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৬টা ‘পেভিলিয়ন’ উপস্থিত আছে। এই শক্তি সপ্তাহত লিবিয়া, নাইজেৰিয়া আৰু চুদানৰ পেট্ৰ'লিয়াম মন্ত্ৰী আৰু ঘানা, জিবুতি, শ্ৰীলংকাৰ শক্তি মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব ।

গোৱাত অনুষ্ঠিত হোৱা এই ভাৰত শক্তি সপ্তাহত অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বেনাৰো পৰিলক্ষিত হয়। এই অনুষ্ঠানত অসমৰো বহু কেইজন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে।

ভাৰত শক্তি সপ্তাহৰ আগন্তুক কাৰ্যসূচীত ৪৬ খনতকৈও অধিক কৌশলগত অধিৱেশন আৰু ৪৬ খন কাৰিকৰী অধিৱেশনত ৪০০ৰো অধিক বিশ্বব্যাপী বক্তাই অংশগ্ৰহণ কৰিব। এই কাৰ্যক্ৰমতে উদ্ভাৱন আৰু গৱেষণাৰ প্ৰতি লক্ষ্য ৰাখি শক্তিৰ ধাৰাত ২০০০ ৰো অধিক কাৰিকৰী গৱেষণা পত্ৰ উপস্থাপন কৰা হ’ব।

শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভশীলতা অৰ্জন কৰাৰ দিশত এক পদক্ষেপ হিচাপে ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ শীৰ্ষক কাৰ্যক্ৰম দ্বিতীয় বাৰৰ বাবে গোৱাত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠান হৈছে ভাৰতৰ সৰ্ববৃহৎ আৰু একমাত্ৰ সৰ্বাত্মক শক্তি প্ৰদৰ্শনী আৰু সন্মিলন। এই সন্মিলনে সমগ্ৰ শক্তিখণ্ডৰ মূল্য-শৃংখলাক একত্ৰিত কৰাৰ লগতে ভাৰতৰ শক্তি পৰিৱৰ্তনৰ লক্ষ্যৰ বাবে অনুঘটক হিচাপে কাম কৰিব। ইয়াৰোপৰি ‘ষ্টাৰ্টআপ’সমূহক উৎসাহিত কৰি সেইসমূহক শক্তি মূল্য-শৃংখলাত একত্ৰিত কৰাটোও ‘ভাৰত শক্তি সপ্তাহ ২০২৪’-ৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।

গোৱাত ‘ভাৰত শক্তি সপ্তাহ-২০২৪’ আৰম্ভঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিলে উদ্বোধন
'দলং নিৰ্মাণৰ চিমেণ্ট ৰডৰ খৰচকে GDPৰ বৃদ্ধি বুলি কোৱা হৈছে'- ৰকিবুল হুছেইন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in