'দলং নিৰ্মাণৰ চিমেণ্ট ৰডৰ খৰচকে GDPৰ বৃদ্ধি বুলি কোৱা হৈছে'- ৰকিবুল হুছেইন

''ঋণৰ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্যৰ তথ্যৰ মিল নাই''
'দলং নিৰ্মাণৰ চিমেণ্ট ৰডৰ খৰচকে GDPৰ বৃদ্ধি বুলি কোৱা হৈছে'- ৰকিবুল হুছেইন
'দলং নিৰ্মাণৰ চিমেণ্ট ৰডৰ খৰচকে GDPৰ বৃদ্ধি বুলি কোৱা হৈছে'- ৰকিবুল হুছেইন

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজিৰ দিনটোত সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে এক প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ সন্দৰ্ভত কেতবোৰ তথ্য দাখিল কৰে। এই তথ্যৰ পাছতে অসম বিধানসভাৰ বিৰোধী উপ-দলপতি তথা ৰকিবুল হুছেইনে সদনৰ বাহিৰত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

বিধায়ক ৰকিবুল হুছেইনে কয়, বিধানসভাত বিত্তমন্ত্ৰীগৰাকীয়ে অসমৰ বিত্তীয় ব্যৱস্থাৰ যি ছবি ডাঙি ধৰিলে সেয়া সৰ্বসাধাৰণ ৰাইজৰ বাবে হতাশজনক, নিৰাশজনক উদ্বেগজনক। বিশেষকৈ যিখিনি তথ্য দিছে সেই তথ্যৰো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ মাজত মিল নাই। অসমৰ ঋণৰ সন্দৰ্ভত যি তথ্য বিত্তমন্ত্ৰীগৰাকীয়ে দিছে সেই ঋণৰ তথ্যৰ লগত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰীগৰাকীয়ে সংসদত দাখিল কৰা তথ্যৰ মিল নাই।

সংসদত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰীগৰাকীয়ে জনাইছে চলিত বিত্তীয় বৰ্ষতে অসমৰ মুঠ ঋণৰ পৰিমাণ হ'বগৈ ডেৰ লাখ কোটি টকা। আজি সেই তথ্য বিচৰাত ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে অসহায় প্ৰকাশ কৰি তেওঁৰ হাতত তথ্য নাই বুলি জনাইছে।

তেওঁ কয়, সকলোতকৈ চিন্তনীয় কথাটো হ'ল- চৰকাৰে যি আধাৰত ঋণ লৈছে সেই সন্দৰ্ভত আমাক বুজাইছে ৩২ শতাংশ ঘৰুৱা উৎপাদন বাঢ়িলে ঋণ ল'ব পাৰে বুলি যুক্তি দিছে। কিন্তু ঘৰুৱা উৎপাদনৰ মূল কথাটো আছিল কৃষি। কৃষি, ঋণ ঘৰুৱা উৎপাদনৰ লগত জড়িত। জিডিপিত কৃষি ভূমিৰ বৰঙণি হ্ৰাস বুলি সংসদত কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে তথ্য দাখিল কৰিছে। জিডিপিলৈ কৃষি ক্ষেত্ৰৰ যি ৩৫ শতাংশ বৰঙণি আছিল সেয়া ১৫ শতাংশলৈ হ্ৰাস পাইছে।

তেওঁ কয়, ঘৰুৱা উৎপাদন হ্ৰাস পাইছে। কৃষিৰ উৎপাদন হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে দলং, পথ, ঔদ্যোগিক আন্তঃগাঁথনি নিৰ্মাণত যি ব্যয় হৈছে, চিমেণ্ট, ৰডৰ খৰচ হোৱা ধন জিডিপি বৃদ্ধি বুলি কোৱা হৈছে। কিন্তু এইবোৰ নিৰ্মাণ কৰাত ধন ক'ৰ পৰা আনিছে সেয়া দেখুওৱা হোৱা নাই। জিডিপিৰ হিচাপৰ পদ্ধতিটোৱেই ভুল।

কাৰণ তাত ঘৰুৱা উৎপাদন কৃষি ভূমিত কমি গৈছে, উদ্যোগ, নিৰ্মাণ কাৰ্যত বেছিকৈ দেখুওৱা হৈছে। সেইবোৰ নিৰ্মাণ কৰাত ক'ৰ পৰা ধন আহিছে সেই উৎস লুকুৱাই ৰখা হৈছে। খৰচকে জিডিপিৰ বৃদ্ধি বুলি দেখুওৱা হৈছে।

সেয়ে এনেদৰে ধাৰ লৈ অসম চলিলে অসমৰ পৰিস্থিতি শ্ৰীলংকা সদৃশ হ'বনেকি বুলি বহুতে প্ৰশ্ন কৰিছে। সেয়ে সদনত আজি এই প্ৰশ্নবোৰ উত্থাপন কৰিছিলো। বিত্তমন্ত্ৰীগৰাকীয়ে দিয়া তথ্য আৰু কেন্দ্ৰীয় চৰকাৰে সংসদত দিয়া তথ্যৰ কোনো মিল নাই।

তেওঁ কয়, দুখীয়া ৰাইজৰ উপাৰ্জন হ্ৰাস পাইছে, দুখীয়া ৰাইজৰ ওপৰত কৰ জাপি দিছে মূল্য বৃদ্ধি হৈছে। চৰকাৰে ঋণৰ ওপৰত ঋণ লৈছে আৰু জিডিপিৰ বৃদ্ধি হোৱা বুলি দেখুৱাইছে।

ইফালে সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে কয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধন্যবাদ দিব লাগে। কিয়নো ২০০১ চনৰ পৰা ২০১৫ চনলৈকে চৰকাৰে যি ঋণ লৈছিল সেই ঋণ এই চৰকাৰে পৰিশোধ কৰিছে। চৰকাৰ এক ধাৰাবাহিক প্ৰক্ৰিয়া। ইয়াৰ পিছত যিখিনি ঋণ আছে সেইবোৰো আমি এই বছৰতে পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছো। লগতে তেওঁ ঋণ লোৱাৰ প্ৰসংগত কয়, ভাৰত চৰকাৰ, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সকলো নীতি-নিয়ম মানি চলিহে অসম চৰকাৰে ঋণ লৈছে।

'দলং নিৰ্মাণৰ চিমেণ্ট ৰডৰ খৰচকে GDPৰ বৃদ্ধি বুলি কোৱা হৈছে'- ৰকিবুল হুছেইন
প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰা ১১,৬০০ কোটিৰ প্ৰকল্পৰ টকা আছিল কাৰ? ৰাজ্য নে কেন্দ্ৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in