
ডিজিটেল ডেস্কঃ ভাৰত-চীন সীমা বিবাদ আৰু সংঘাতৰ চৰ্চাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰাৰ সময়তে পুনৰ সীমান্তত উত্তেজনাৰ খবৰ পোৱা গৈছে। অৰুণাচলৰ ভাৰত চীন সীমন্তত সংঘাতত লিপ্ত হৈছে দুয়ো দেশৰ সেনা।
এই ঘটনা যোৱা ৯ ডিচেম্বৰৰে। জানিব পৰা মতে অৰুণাচলৰ টাৱাঙৰ ভাৰত-চীন সীমান্তত সংঘটিত হৈছিল দুয়ো দেশৰ সেনাৰ মাজত সংঘাত। ফলত দুয়ো দেশৰ কেইবাজনো সেনা আহত হৈছে।
অৱশ্যে এই সংঘাতৰ পিছতে দুয়োখন দেশৰ সেনাৰ শীৰ্ষ বিষয়া বৈঠকত মিলিত হয় আৰু সীমান্তত শান্তি শৃংখলা অটুট ৰখাৰ চেষ্টা কৰে। উল্লেখ্য যে ২০২১ ৰ অক্টোবৰতো অৰুণাচলৰ ভাৰত-চীন সীমান্তত দুয়ো দেশৰ সেনাৰ মাজত সংঘাত হৈছিল।
প্ৰকাশিত খবৰ মতে ৯ ডিচেম্বৰত হোৱা সংঘাতত চীনৰ আটাইতকৈ বেছি সেনা আহত হৈছে। ভাৰতীয় সেনাই অতি পৰাক্ৰমেৰে এই সংঘাতত চীনা সৈন্যক উচিত শিক্ষা দিছে। জানিব পৰা মতে ৩০ জন ভাৰতীয় সেনা আৰু তাতোকৈ বেছি চীনা সেনা আহত হৈছে।
২০২০ ৰ ১৫ জুনত লাডাখৰ গালৱান উপত্যকাতো ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘাত হৈছিল। সেই সংঘাতৰ ফলতেই ২০ জনকৈ ভাৰতীয় সেনাই প্ৰাণ ত্যাগ কৰিছিল। একেদৰে চীনৰো কেইবাজনো সেনাও নিহত হৈছিল।
সেই ঘটনাৰ পিছত টাৱাঙত সংঘটিত হোৱা এই ঘটনাই পুনৰ দুয়ো দেশৰ মাজত যে উত্তেজনা বৃদ্ধি কৰিব সেয়া প্ৰায় নিশ্চিত।
ক্লিক কৰি পঢ়কঃ ব্ৰাজিললৈ কোনে নিছিল ফুটবল? ছাম্বাই দিছিল সমস্যাৰ সমাধান...