ব্ৰাজিললৈ কোনে নিছিল ফুটবল? ছাম্বাই দিছিল সমস্যাৰ সমাধান...

ব্ৰাজিললৈ কোনে নিছিল ফুটবল? ছাম্বাই দিছিল সমস্যাৰ সমাধান...
ব্ৰাজিললৈ কোনে নিছিল ফুটবল? ছাম্বাই দিছিল সমস্যাৰ সমাধান...

বিশ্বকাপৰ পৰা বাহিৰ হ'ল ব্ৰাজিল। কিন্তু ফুটবল অনুৰাগীৰ মনৰ পৰা? আৰ্জেণ্টিনা, ফ্ৰান্স, মৰক্কো আৰু ক্ৰোৱেছিয়াৰ মাজৰ কোনোবাই বিশ্বকাপৰ ফাইনেল খেলিব। কিন্তু ব্ৰাজিলে ফুটবল লৈয়ে জীয়াই থাকিব। নতুন উদ্যম আৰু আশাৰে সময়লৈ অপেক্ষা কৰিব। ব্ৰাজিললৈ কিদৰে গৈছিল ফুটবল, কেতিয়া ব্ৰাজিলে প্ৰথমে খেলিছিল ফুটবল? হয়তো আপোনাৰো কেতিয়াবা জানিবলৈ মন যায়। সেয়ে আজি আপোনালোকৰ বাবে এই বিশেষ প্ৰতিবেদন।

ছাণ্টোছ বন্দৰত জাহাজ অহালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে জন মিলাৰে। এগৰাকী অভিযন্তা জন মিলাৰ। উচ্চ শিক্ষা ল'বলৈ গৈ উলটি অহা একমাত্ৰ পুত্ৰক আদৰিবলৈ এইদৰে অপেক্ষা কৰিছে মিলাৰে।

কান্ধত এটা বেগ, দুখন হাতত দুটা ফুটবল লৈ ছাৰ্লছ জাহাজৰ পৰা নামি আহিল। কিন্তু পুত্ৰক এইদৰে দেখি আচৰিত হৈ পৰিল জন মিলাৰ। তেওঁৰ চিধা প্ৰশ্ন,

: এয়া কি চাৰ্লছ?

: মোৰ ডিগ্ৰী।

: কি?

: তুমি ঠিকেই শুনিছা, তোমাৰ পুত্ৰই ফুটবলত ডিগ্ৰী লাভ কৰিছে।

সেয়া আছিল এজন ইংৰাজ অভিযন্তা আৰু তেওঁৰ পুত্ৰৰ কথোপকথন। স্বদেশ এৰি বিদেশত কৰ্মৰ খাতিৰত আছেগৈ জন মিলাৰ। বিদেশতেই নিজ সন্তান জন্ম হৈ ডাঙৰ হোৱাত শিক্ষা গ্ৰহণৰ বাবে নিজ দেশলৈ পঠিয়াই দিছিল মিলাৰে।

অৱশেষত শিক্ষাগ্ৰহণ কৰি পুনৰ বিদেশলৈ, য'ত দেউতাক জন মিলাৰ থাকে তালৈ উভটি গৈছিল চাৰ্লছ। ডিগ্ৰী হিচাপে লগত নিছিল দুটা ফুটবল আৰু ফুটবলৰ নীতি নিয়ম সন্নিবিষ্ট এখন সৰু কিতাপ।

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমলৈ বৃটিছৰ আগমন ঘটিল। লগত লৈ আহিছিল তেওঁলোকৰ ভাষা আৰু সংস্কৃতি। এই সংস্কৃতিৰে এক অংগ ক্ৰিকেট আৰু ফুটবল।

দুয়োবিধ অসমীয়াৰ বাবে আছিল অচিনাকি খেল। প্ৰথমবিধ খেল অৰ্থাৎ ক্ৰিকেটে অসমীয়াক বৰ বিশেষ আকৰ্ষণ কৰিব পৰা নাছিল যদিও ফুটবলে কিন্তু সাধাৰণ মানুহক বৰকৈ আকৰ্ষণ কৰিছিল।

কালক্ৰমত ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে ফুটবলৰ অভাৱত আজিও অসমৰ শিশুৱে কাগজ, কাপোৰেৰে ফুটবল তৈয়াৰ কৰি খেলিবলৈ চেষ্টা কৰে। অৱশ্যে ইয়াণ্ডাবু সন্ধিৰ কিমান পিছত, কিমান সময়ত, কোনে কেনেকৈ ফুটবলক অসমলৈ আনিছিল সেয়া সঠিককৈ কোৱা সম্ভৱ নহয়।

কিন্তু ১৮৯৬ চনত যে বৃটিছ অভিযন্তা জন মিলাৰৰ পুত্ৰ চাৰ্লছ মিলাৰেই ব্ৰাজিললৈ ফুটবল লৈ গৈছিল সেয়া সঠিকভাৱে ক'ব পাৰি।

ফুটবলৰ জন্মদাতা ইংৰাজসকল। ২০০ খনতকৈ অধিক দেশে এতিয়া ফুটবল খেলে। এক কথাত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই ফুটবল খেলে। গুগলে কয় ২৫০ মিলিয়নতকৈ অধিক খেলুৱৈয়ে ফুটবল খেলে।

ইংৰাজসকলে জন্ম দিলে কেৱল ফুটবলক। কিন্তু এই ফুটবলত প্ৰাণ দিলে ব্ৰাজিলে।চাৰ্লছ মিলাৰে ব্ৰাজিললৈ ফুটবল নিয়াৰ সময়ত তাত ফুটবলৰ নাম-গোন্ধেই নাছিল। সমগোত্ৰীয় ইংৰাজসকলেও ব্ৰাজিলত ফুটবল তেতিয়া ফুটবল খেলা নাছিল।

অশেষ কষ্টৰ মাজেৰে কেইজনমান বন্ধুৰ সহায়ত চাৰ্লছে অৱশেষত পোন প্ৰথমবাৰৰ বাব ব্ৰাজিলৰ হাবি কাটি খেলপথাৰ নিৰ্মাণ কৰি প্ৰথমখন ফুটবল মেচ খেলিলে। ৰে'লৱে কোম্পানী আৰু গেছ কোম্পানীৰ মাজত অনুষ্ঠিত হ'ল মেচখন।

অৱশ্যে ব্ৰাজিলিয়ান সকলৰ মাজত ফুটবল জনপ্ৰিয় হৈছিল তাৰো বহুত পিছত। ইংৰাজসকলে শ্ৰমিক, কৃষ্ণাংগ ব্ৰাজিলিয়ানসকলক ক্ৰিকেটেই হ‌ওক বা ফুটবলতেই হ‌ওক প্ৰৱেশ কৰিব দিয়া নাছিল।

গছৰ ডালত, ঘৰৰ টিঙত বহি ইংৰাজৰ খেল উপভোগ কৰিছিল। ১৯০১চনত চাৰ্লছৰ দৰেই ব্ৰাজিললৈ আগমন ঘটিছিল এংলো ব্ৰাজিলিয়ান যুৱক অক্সাৰ কক্সৰ।ছুইজাৰলেণ্ডৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি লগত লৈ আনিছিল ফুটবল।

তেওঁৰ উদ্যোগতে ৰিঅ'ত গঠন কৰা হৈছিল প্ৰথমটো ফুটবল ক্লাব ফ্লুমিনিজ। চাৰ্লছ মিলাৰ আৰু অক্সাৰ কক্সৰ ফুটবলক ব্ৰাজিলিয়ানসকলে স্পৰ্শ কৰিব পৰা নাছিল। আমাৰ অসমৰ সৰু সৰু ল'ৰাবোৰে কাগজ, কাপোৰ আদিৰে বল তৈয়াৰ কৰাৰ দৰেই ব্ৰাজিলিয়ানসকলে বল তৈয়াৰ কৰি আৰম্ভ কৰিলে খেলিবলৈ। সেয়াই আৰম্ভণি।

বিহু মানে অসম। ছাম্বা মানে ব্ৰাজিল। ব্ৰাজিলত ফুটবল আৰম্ভ হোৱাৰ পিছত লাহে লাহে ইংৰাজসকলে কৃষ্ণাংগ ব্ৰাজিলিয়ান সকলৰ লগত খেলিবলৈ আৰম্ভ কৰিলে। কিন্তু তাতো সমস্যা।

বগা চাহাবৰ গাত কৃষ্ণাংগ ব্ৰাজিলিয়ানৰ গা লাগিলেই সৃষ্টি হয় কাজিয়াৰ। লগে লগে ব্ৰাজিলিয়ানে উলিয়াইলে সমাধান সূত্ৰ। বল ভৰিত লাগিলেই সতীৰ্থ খেলুৱৈৰ ফালে মাৰি পঠিয়াব বা পাছ দিব, গাত গা লাগিবলৈ নিদিয়ে। সমস্যা শেষ। সমস্যাৰ সমাধান আহিল ছাম্বাৰ পৰা।আৰু ইয়াৰ পিছৰখিনি ইতিহাস....।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in