বিজেপিৰ বিৰুদ্ধে মহাভিযোগঃ ৰামলীলা ময়দানত ঐক্যবদ্ধ বিৰোধীৰ ৰণডংকা...

বিজেপিৰ বিৰুদ্ধে মহাভিযোগঃ ৰামলীলা ময়দানত ঐক্যবদ্ধ বিৰোধীৰ ৰণডংকা...

author-image
Asomiya Pratidin
New Update
বিজেপিৰ বিৰুদ্ধে মহাভিযোগঃ ৰামলীলা ময়দানত ঐক্যবদ্ধ বিৰোধীৰ ৰণডংকা...

ডিজিটেল ডেস্কঃ দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হয় আপৰ দ্বাৰা আয়োজন কৰা ইণ্ডিয়া মিত্ৰজোঁটৰ বিশাল ৰেলী। লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত প্ৰথমবাৰলৈ শক্তি প্ৰদৰ্শন কৰিলে বিৰোধী ইণ্ডিয়া মৰ্চাই। গণতন্ত্ৰ বচাও শীৰ্ষক মেগা ৰেলীত ভাগ ল’লে দেশৰ আগশাৰীৰ শীৰ্ষ বিৰোধী ৰাজনৈতিক নেতাই।

Advertisment

ৰামলীলা ময়দানত মেগা ৰেলীত অংশগ্ৰহণ অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালৰ। কাৰাবন্দী ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেণৰ পত্নী কল্পনা চুৰেণেও ভাগ লয় এই বিশাল ৰেলীত। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধক্ষ্য মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, বিহাৰৰ লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱ, শাৰদ পাৱৰ, উদ্ধৱ থাকৰেকে ধৰি বিৰোধী শীৰ্ষ নেতাই অংগ্ৰহণ কৰে এই মেগা ৰেলীত।

ৰামলীলা ময়দানৰ মেগা ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। লোকসভা নিৰ্বাচনত মেচ ফিক্সঙৰ কূট-কৌশল ৰচনা কৰাৰ অভিযোগে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে কংগ্ৰেছ নেতাগৰাকীৰ। সংবিধান সলনি হ'লে দেশ অগ্নিগৰ্ভা হোৱাৰ হুংকাৰ দিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰয়ে।

উল্লেখযোগ্য যে মেগা ৰেলীত ভাগ লৈ ৬টা গেৰাণ্টী ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালৰ পত্নীয়ে। দেশবাসীক ২৪ ঘণ্টাই বিজুলী দিয়াৰ লগতে দেশৰ দৰিদ্ৰসকলৰ বাবে বিজুলী সম্পূৰ্ণৰূপে বিনামূলীয়া কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কেজৰিবালৰ পত্নীয়ে। ধনী-দুখীয়া সকলো শ্ৰেণীৰ শিশুৱে সমঅধিকাৰত শিক্ষা লাভৰ বাবে প্ৰতিখন গাঁৱতে চৰকাৰী বিদ্যালয় নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে সুনীতা কেজৰিৱালে।

ৰাজ্যখনৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি প্ৰতিখন গাঁও, জিলাতে মাল্টিস্পিচিয়েলিটি চৰকাৰী হাস্পাতাল বনোৱাৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিকলৈ চিকিৎসা ব্যৱস্থা বিনামূলীয়া কৰাৰ গেৰাণ্টী দিয়ে কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে। ইয়াৰোপৰি কৃষকসকললৈ স্বামীনাথন আয়োগৰ অধীনত শস্যৰ সঠিক দাম দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ সুনীতা কেজৰিৱাল। আগন্তুক সময়ত দেশৰ ভিতৰতে দিল্লীক পূৰ্ণ ৰাজ্য হিচাপে গঢ়ি তোলাৰ গেৰাণ্টী দিয়ে।

উল্লেখযোগ্য যে দিল্লীৰ ৰামলীলা ময়দানত ইণ্ডিয়া মৰ্চাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত এয়া প্ৰথমটো ৰেলী। এই ''লোকতন্ত্ৰ বচাও'' ৰেলী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰি আয়োজন কৰা হৈছে। যোৱা ২১ মাৰ্চত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল। সুৰা নীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান ইডিৰ জিম্মাত আছে।

Also Read: উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সমিতি গঠন

aap sarad pawar arvinda kejriwal congres lalu prasad yadav mallikarjun kharge rahul gandhi bjp indi alliance Tejashwi Yadav