উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সমিতি গঠন

উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সমিতি গঠন

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলা, সৰুপথাৰ উপ-জিলাৰ অন্তৰ্গত উৰিয়ামঘাটত উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সম্পন্ন হয়।ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ চুতীয়াৰ সভাপতিত্বত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰাহুল শইকীয়াই।

উক্ত প্ৰতিনিধিৰ সভাত দিপাংকৰ বৰাক সভাপতি, বিজু বৰাক কাৰ্যকৰী সভাপতি, নাৰায়ণ শইকীয়া আৰু ৰাহুল বৰাক উপ সভাপতি, ডিম্পল শইকীয়াক সাধাৰণ সম্পাদক, ময়ূৰী শইকীয়া আৰু দীপম শইকীয়াক সহকাৰী সাধাৰণ সম্পাদক, পল্লৱী শইকীয়াক শিক্ষা সম্পাদক, যদুমনি বৰাক সংস্কৃতি সম্পাদক, বিকাশ খনিকৰ, দিনেশ বৰা, সংগীতা বৰাক আলোচনী সম্পাদক আৰু পাৰ্থ শইকীয়াক কাৰ্যালয় সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হয়।

নতুনকৈ গঠন কৰা সমিতিখনক দায়িত্বভাৰ দিয়াৰ উদ্দেশ্যে ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ চুতীয়াৰ সভাপতিত্বত হোৱা সভাত সম্পাদক ৰক্তিম হাজৰিকাই বক্তব্য ৰাখে। সভাত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সহ সম্পাদক দীপু শইকীয়া, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পৰশমনি চুতীয়া আৰু ত্ৰিদিপ বৰা, ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ উপ-সভাপতি হেমন্ত বৰা,সৰুপথাৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক চন্দন শইকীয়া উপস্থিত থাকে।

উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সমিতি গঠন
বিশিষ্ট কবি, সাহিত্যিক অনুপ্ৰভা হাজৰিকাৰ বিয়োগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in