সঁচাকৈয়ে সলনি হ'ব নেকি দেশৰ নাম ? প্ৰধানমন্ত্ৰীৰ ফলকত "ইণ্ডিয়া"ৰ সলনি "ভাৰত"

সঁচাকৈয়ে সলনি হ'ব নেকি দেশৰ নাম ? প্ৰধানমন্ত্ৰীৰ ফলকত "ইণ্ডিয়া"ৰ সলনি "ভাৰত"

author-image
Asomiya Pratidin
New Update
সঁচাকৈয়ে সলনি হ'ব নেকি দেশৰ নাম ? প্ৰধানমন্ত্ৰীৰ ফলকত "ইণ্ডিয়া"ৰ সলনি "ভাৰত"

ডিজিটেল ডেস্কঃ পুনৰবাৰ "ইণ্ডিয়া"ৰ ঠাইত "ভাৰত" নাম প্ৰয়োগেৰে দেশৰ পৰিচয় দাঙি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এইবাৰ জি-২০ সন্মিলনীত প্ৰধানমন্ত্ৰীৰ সন্মুখত ৰখা নাম ফলকত দেখা গ'ল "ইণ্ডিয়া"ৰ সলনি "ভাৰত"ৰ লিখিত ফলক।

Advertisment

প্ৰধানমন্ত্ৰীয়ে দেশৰ নাম সলনি হ'ব বুলি আকাৰে-ইংগিতে প্ৰকাশ কৰি থকাত দেশতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতেই শনিবাৰে পুনৰবাৰ "ইণ্ডিয়া"ৰ সলনি "ভাৰত"ৰ নাম দেখিবলৈ পোৱা গ'ল। বিৰোধী মৰ্চাই মিত্ৰজোঁটৰ নাম 'ইণ্ডিয়া' নামাকৰণ কৰাৰ পাছতে মোডী চৰকাৰে দেশৰ নাম সলনি কৰাৰ যো-যা চলাইছে বুলি প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা জি-২০ সন্মিলনৰ সময়ত নৈশ ভোজনৰ বাবে দিয়া নিমন্ত্ৰণ পত্ৰত 'প্ৰেচিডেন্ট অফ ইণ্ডিয়া'ৰ সলনি 'প্ৰেচিডেণ্ট অফ ভাৰত' বুলি উল্লেখ কৰিছিল। আপ্ত বাক্যশাৰীৰ পাছতেই মোডী চৰকাৰে দেশৰ নাম সলনি কৰি "ইণ্ডিয়া"ৰ ঠাইত "ভাৰত" হ'ব বুলি বিভিন্ন মহলত প্ৰকাশ পাই আহিছে।

Also Read: প্ৰসংগ- বিহু বিতৰ্কঃ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

narendra modi