প্ৰসংগ- বিহু বিতৰ্কঃ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- বিহু বিতৰ্কঃ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- জি-২০ বৈঠকৰ পাছতেই তেওঁ বিষয়টোৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিব। জি-২০ বৈঠক সফল সমাপন হোৱা পৰ্যন্ত বিষয়টো বেছি প্ৰচাৰ নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

Advertisment

উল্লেখ্য যে, জি-২০ সন্মিলনিত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হোৱা বিশ্বনেতা ঋষি চুনাকক আদৰণিৰ জনোৱাৰ উপলক্ষে বিমান বন্দৰত আয়োজন কৰা হৈছিল ব্যাপক প্ৰস্তুতিৰ। বিমান বন্দৰৰ বাকৰিতে আয়োজন কৰা এই আদৰণিত অনুষ্ঠানত সপত্নীক চুনাকৰ সন্মুখত বিহু প্ৰদৰ্শন কৰি অভিবাদন জনোৱা হয়।

বিশ্বনেতাৰ সন্মুখত বিহু উপস্থাপন কৰি অসমৰ সংস্কৃতিক পৰিচয় কৰাই দিয়াতো গৌৰৱৰ বিষয় হলেও উক্ত অনুষ্ঠানত প্ৰদৰ্শিত বিহু নাচৰ ভংগীমা-শৈলীক বিকৃত ৰূপত উপস্থাপন কৰা হয়। সেই ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভতেই মুখ্যমন্ত্ৰগৰাকীয়ে শুকুৰবাৰে কইনাধাৰাত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰে হোৱা মত-বিনিময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উক্ত বক্তব্য প্ৰদান কৰে।

Also Read: অসম-ত্রিপুৰাৰ সীমান্তত লাখ টকাৰ গাঞ্জা জব্দ

cm himanta biswa sarma