Advertisment

আয়কৰ বিভাগৰ জাননী: কংগ্ৰেছে ভৰিব লাগিব ১৮২৩ কোটি টকা

আয়কৰ বিভাগে কংগ্ৰেছ দললৈ প্ৰেৰণ কৰিছে ১,৭০০ কোটি টকাৰ পুনৰুদ্ধাৰ জাননী। কৰ সম্বন্ধীয় গোচৰত এই জাননী জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
আয়কৰ বিভাগৰ জাননী:  কংগ্ৰেছে ভৰিব লাগিব ১৮২৩ কোটি টকা

ডিজিটেল ডেস্কঃ আয়কৰ বিভাগে কংগ্ৰেছ দললৈ প্ৰেৰণ কৰিছে ১,৭০০ কোটি টকাৰ পুনৰুদ্ধাৰ জাননী। কৰ সম্বন্ধীয় গোচৰত এই জাননী জাৰি কৰিছে। জাননীখন মূল্যায়ন বৰ্ষ ২০১৭-১৮ ৰ পৰা ২০২০-২১ ৰ বাবে প্ৰেৰণ কৰা হৈছে।

Advertisment

কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকনে শুকুৰবাৰে এক সংবাদ মেল সম্বোধন কৰি কয় যে, আয়কৰ বিভাগে জাননী প্ৰেৰণ কৰি কংগ্ৰেছক ১,৮২৩.০৮ কোটি টকাৰ জৰিমণা ভৰাৰ নিৰ্দেশ দিছে। কিন্তু বিজেপি সন্দৰ্ভত আয়কৰ বিভাগে চকু মুদা কুলিৰ ভুমিকা লৈ আছে। আমাৰ তথ্য অনুসৰি বিজেপিয়ে বিগত ৭ বছৰত ৪৬০০ কোটি টকাৰ কৰ দিব আছে। আয়কৰ বিভাগৰ চকু কেৱল কংগ্ৰেছৰ ওপৰত।

মাকনে কয় যে কংগ্ৰেছৰ ওপৰত এটাৰ পাছত আনটো জৰিমণা বিহা গৈছে। কিন্তু বিজেপিক লৈ সকলো মৌন। এনে কাণ্ডৰ দ্বাৰা কংগ্ৰেছৰ দুৰ্বল কৰাৰ চেষ্টা কৰা হৈছে।

জন প্ৰতিনিধিত্ব আইনৰ ধাৰা ২৯ ত কোৱা হৈছে যে কেনেকৈ নিৰ্বাচনী চান্দা ৰাজনৈতিক দলসমূহক দিব লাগে। আমি যোৱা ৭ বছৰ বিশেষকৈ ২০১৭-১৮ বিশ্লেষণ কৰি গম পাইছো যে বিজেপিয়ে ৪২ কোটি টকাৰ চান্দা লাভ কৰিছে। কিন্তু এই টকা দিয়াৰ কোনো তথ্য নাই। কিন্তু এই বছৰ আমাৰ ১৪ লাখত ১৩৫ কোটি টকাৰ জৰিমণা বিহা হৈছে।

মাকনে কয় যে, আয়কৰ বিভাগে যি ধৰণে কংগ্ৰেছৰ ওপৰত জৰিমণা বিহিছে তেনেকৈ যদি বিজেপিৰ ওপৰত বিহিলে হয় তেন্তে বিজেপিয়ে ৪৬০০ কোটি টকাৰ জৰিমণা দিব লগে। এই সন্দৰ্ভত আমি উচ্চতম ন্যায়ালয়লৈ যাম আৰু আবেদন দাখিল কৰিম যে এই ৪৬০০ কোটি টকা জৰিমণা যাতে বিজেপিয়ে দিয়ে।

উল্লেখ্য যে, আয়কৰ বিভাগে ফেব্ৰুৱাৰীত কংগ্ৰেছৰ কৰ দিয়াত বিসংগতি বিচাৰি পাইছিল। যাৰ পিছত বিভাগটোৱে ২০০ কোটি টকাৰ জৰিমনা আৰোপ কৰিছিল। আয়কৰ আপীল ন্যায়াধিকৰণে (আইটিএটি) দলটোক প্ৰাপ্য পৰিশোধ কৰিবলৈ আৰু তেওঁলোকৰ একাউণ্ট ফ্ৰীজ কৰিবলৈ কৈছিল।

ইয়াৰ মাজতে দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে কংগ্ৰেছৰ দ্বাৰা দাখিল কৰা এক আবেদন খাৰিজ কৰিছিল। য'ত চাৰি বছৰৰ বাবে কৰ পুনৰ মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰত্যাহ্বান জনোৱা হৈছিল।

Also Read: নৃশংস! মোমায়েকে শিৰচ্ছেদ কৰিলে ভূমিক কোঁৱৰৰ

income tax congress