বৈঠক ত্যাগ লালু প্ৰসাদ আৰু নীতিশ কুমাৰৰ, বিৰোধী মৰ্চাত এতিয়া চলিছে নেতাৰ অভিমান

বৈঠক ত্যাগ লালু প্ৰসাদ আৰু নীতিশ কুমাৰৰ, বিৰোধী মৰ্চাত এতিয়া চলিছে নেতাৰ অভিমান

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মৰ্চা ইণ্ডিয়াৰ আসন এতিয়াও ভাগ-বতৰা হোৱা নাই। ইয়াক লৈ মঙলবাৰে চতুৰ্থবাৰৰ বাবে দিল্লীত অনুষ্ঠিত এক বৈঠকত মিলিত হৈছিল ইণ্ডিয়া। এই বৈঠকত ২৮ টাকৈ দলে অংশ গ্ৰহণ কৰিছিল। প্ৰতিটো দলে নিজৰ হৈ প্ৰস্তাৱ আগবঢ়ায়। এই বৈঠকতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম বাছনি কৰিবলৈ আহ্বান জনায়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এই প্ৰস্তাৱত সমৰ্থন জনায়।

জানিব পৰা মতে ইয়াক লৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰজেডি নেতা লালু প্ৰসাদ যাদৱে ক্ষোভ প্ৰকাশ কৰি বৈঠক ত্যাগ কৰে। ইমানেই নহয়, বৈঠকৰ অন্তত সংবাদমেলতো অংশগ্ৰহণ নকৰে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ইণ্ডিয়াৰ লগত এনে ঘটনা সংঘটিত হৈছে।

বিৰোধীৰ প্ৰথমখন বৈঠক ২৩ জুনত অনুষ্ঠিত হৈছিল। এই বৈঠকৰ নেতৃত্ব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৰিছিল য'ত ১৫ টাকৈ বিৰোধী দলে অংশগ্ৰহণ কৰিছিল। এই বৈঠকত অৰবিন্দ কেজৰিৱালে ক্ষোভ প্ৰকাশ কৰিছিল। কিয়নো তেওঁ বিচাৰিছিল, দিল্লীৰ অধ্যাদেশৰ বিৰুদ্ধে বিৰোধীয়ে একত্ৰিত হৈ তেওঁক সমৰ্থন কৰা।

 তাৰপাছতে ১৭-১৮ জুলাইত বাংগালুৰত অনুষ্ঠিত হয় দ্বিতীয়খন বৈঠক। য'ত ২৬ টা দলে অংশগ্ৰহণ কৰিছিল।এই বৈঠকতে বিৰোধী মৰ্চাৰ নাম ইণ্ডিয়া ৰখা হয়। এই বৈঠকত দ্বিমত আছিল নীতিশ কুমাৰ। কিয়নো তেওঁ ইণ্ডিয়া নামক লৈ সন্তুষ্ট নাছিল।

৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল তৃতীয়খন বৈঠক। এই বৈঠকত ৫ খন সমিতি গঠন কৰা হৈছিল। এই বৈঠকত ২৮ টা বিৰোধী দলে ৫ ৰাজ্যত বিধানসভা নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত কৰে। এই বৈঠকত অসন্তুষ্ট আছিল মমতা বেনাৰ্জী। আসন ভাগ-বতৰা চুক্তিৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰাৰ বাবে তেওঁ অসন্তুষ্ট আছিল।

ইয়াৰ পাছতে চতুৰ্থখন বৈঠক অনুষ্ঠিত হৈছিল ১৯ ডিচেম্বৰত। এই বৈঠকত আসন ভাগ-বতৰা, সংযুক্ত অভিযান, ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ ৰণনীতি আদিৰ ওপৰত আলোচনা কৰা হয়। এই বৈঠকৰ মাজতে উঠি যায় নীতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱ।মালিকাৰ্জুন খাৰ্গেৰ নাম প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰস্তাৱ কৰাৰ বাবে দুয়োগৰাকী নেতাই এনেদৰে বৈঠক ত্যাগ কৰে।

উল্লেখ্য যে, ইণ্ডিয়াৰ সন্মুখত আসন ভাগ-বতৰা ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। ৩১ ডিচেম্বৰৰ আগত বিৰোধী মৰ্চাই আসন ভাগ-বতৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ সম্ভাৱণা আছে।

নিৰ্বাচনৰ পূৰ্বে বিৰোধী একত্ৰিত হোৱাতো প্ৰয়োজন আছিল। কিন্তু এতিয়া বিৰোধী মৰ্চাৰ মাজতেই ফাট মেলা দেখা গৈছে। এটাৰ পাছত আন এটা সমস্যাই দেখা দিছে ইণ্ডিয়াক।

বৈঠক ত্যাগ লালু প্ৰসাদ আৰু নীতিশ কুমাৰৰ, বিৰোধী মৰ্চাত এতিয়া চলিছে নেতাৰ অভিমান
আমগুৰিত মাৰণাস্ত্ৰসহ চাৰিজনকৈ যুৱকক আটক আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in