আমগুৰিত মাৰণাস্ত্ৰসহ চাৰিজনকৈ যুৱকক আটক আৰক্ষীৰ

আমগুৰিত মাৰণাস্ত্ৰসহ চাৰিজনকৈ যুৱকক আটক আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
আমগুৰিত মাৰণাস্ত্ৰসহ চাৰিজনকৈ যুৱকক আটক আৰক্ষীৰ

ডিজিটেল সংবাদ, নামতিঃ আমগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনিটাকৈ মাৰণাস্ত্ৰ আৰু ১২ জাঁই সজীৱ গুলীসহ আটক কৰিছে চাৰিজনকৈ যুৱকক। মঙলবাৰে নিশা আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে AS 05 R 2703 পালচাৰ বাইক আৰু AS 05 Q 9093 স্কুটিত অহা চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।

Advertisment

আটকাধীন যুৱক দুজনৰ পৰা দুটা ৯ এম এম পিষ্টল আৰু এটা হস্তনিৰ্মিত পিষ্টল, ৯ এম এম পিষ্টলৰ ২ জাঁই সজীৱ গুলী, ১০ জাঁই হস্তনিৰ্মিত পিষ্টলৰ গুলীৰ লগতে চাৰিটাকৈ মোবাইল ফোন জব্দ কৰিছে আমগুৰি আৰক্ষীয়ে। যুৱক কেইজন মৰিয়ণিৰ পৰা জাঁজী দিশে গৈ থকা অৱস্থাতে আৰক্ষীৰ জালত পৰে ।

আটকাধীন চাৰি যুৱক ক্ৰমে, জন বসুমতাৰী, যতীন বড়ো, গোপী হাজোৱাৰী আৰু শিৱ হেমব্ৰম বুলি জানিব পৰা গৈছে। চাৰি যুৱকৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটত।

মেৰাপানীৰ চিচুপানীৰ পৰা অনা মাৰণাস্ত্ৰ কেইটা কোনো অজ্ঞাত লোকক যোগান ধৰিবলৈ যুৱককেইজন আহিছিল বুলি জানিবলৈ দিয়ে আমগুৰি আৰক্ষীয়ে ।ইতিমধ্য, শিৱসাগৰ উচ্চপদস্থ আৰক্ষী বিষয়া আমগুৰি থানাত উপস্থিত হৈ তদন্ত অব্যাহত কৰে।

Also Read: ৰাজধানী দিল্লীত ৫২ বছৰীয়া নৰপিশাচে ৯ বছৰীয়া শিশুক কৰিলে বলাৎকাৰঃ হত্যা কৰি পেলাই দিলে মৃতদেহ...

Assam police