আয়কৰ বিভাগৰ বৃহৎ অভিযানঃ বৰ্তমানলৈ জব্দ ২৯০ কোটি নগদ ধন

শুকুৰবাৰে অভিযানৰ তৃতীয় দিনা কৰ ফাঁকিৰ অভিযোগত উৰিষ্যাস্থিত সুৰা নিৰ্মাণকাৰী কোম্পানী এটাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
আয়কৰ বিভাগৰ বৃহৎ  অভিযানঃ বৰ্তমানলৈ জব্দ ২৯০ কোটি নগদ ধন

ডিজিটেল ডেস্কঃ অব্যাহত আছে আয়কৰ বিভাগৰ বিভাগৰ অভিযান। শুকুৰবাৰে অভিযানৰ তৃতীয় দিনা কৰ ফাঁকিৰ অভিযোগত উৰিষ্যাস্থিত সুৰা নিৰ্মাণকাৰী কোম্পানী এটাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আয়কৰ বিভাগে উৰিষ্যাস্থিত বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড আৰু ইয়াৰ সৈতে সম্পৰ্কিত কোম্পানীবোৰৰ বিৰুদ্ধে তালাচী চলাই বৰ্তমানলৈকে ২৯০ কোটি টকাৰ নগদ ধন জব্দ কৰিছে।

Advertisment

আয়কৰ বিভাগে বৰ্তমানলৈকে ভাৰতত জব্দ কৰা এই ধন সৰ্বাধিক বুলি ধাৰণ কৰা হৈছে। কালিৰ পৰা তিনিখন ৰাজ্যত অভিযান চলাই এতিয়ালৈকে নগদ ২৯০ কোটি টকা জব্দ কৰিছে। সূত্ৰ অনুসৰি জানিব পৰা মতে ইয়াৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। কিয়নো চোৰাংচোৱাই অন্য ঠাইতো নগদ ধন থকাৰ তথ্য আয়কৰ বিভাগক দিছে।

উল্লেখ্য যে, আয়কৰ বিভাগে ঝাৰখণ্ড , পশ্চিম বংগ আৰু উৰিষ্যাত অৱস্থিত ডিষ্টিলাৰীৰ কাৰ্যালয় সমূহত তালাচী চলাইছিল। ঝাৰখণ্ডত কংগ্ৰেছ সাংসদ ধীৰাজ কুমাৰ চাহুৰ পৰাও কোটি কোটি টকাও উদ্ধাৰ কৰা হৈছিল। বৰ্তমানেও অব্যাহত আছে এই অভিযান।

Also Read: অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল, ইতিহাস নাজানিলে কথা ক'ব নালাগেঃ হিমন্ত বিশ্ব

income tax