অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল, ইতিহাস নাজানিলে কথা ক'ব নালাগেঃ হিমন্ত বিশ্ব

অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল, ইতিহাস নাজানিলে কথা ক'ব নালাগেঃ হিমন্ত বিশ্ব

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ এক শুনানিৰ সময়ত অধিবক্তা কপিল ছিব্বলে অসমক ম্যানমাৰৰ অংশ বুলি কৈছিল।কপিল ছিব্বলে এই মন্তব্য নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৬এৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ শুনানিৰ সময়ত বুধবাৰে কৈছিল। এই কথাক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শৰ্মাই কয় যে, যিসকল লোকে অসমৰ ইতিহাসৰ বিষয়ে জ্ঞান নাই তেওঁলোকে সেই বিষয়ে কব নালাগে। অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল। অলপ সময়ৰ বাবে সংঘৰ্ষ হৈছিল আৰু এয়াই একমাত্ৰ ম্যানমাৰৰ লগত অসমৰ সম্পৰ্ক। আজিলৈকে এনেকুৱা একো তথ্য মই দেখা নাই য'ত অসমক ম্যানমাৰৰ অংশ বুলি কোৱা হৈছে।

বুধবাৰে উচ্চতম ন্যায়ালয়ত কপিল চিব্বলে প্ৰব্ৰজনৰ ওপৰত মন্তব্য কৰিছিল। তেওঁ কৈছিল যদি অসমৰ ইতিহাসলৈ লক্ষ্য কৰে, তেন্তে আপুনি উপলব্ধি কৰিব যে কেতিয়া কোন আহিছিল তাক বিচাৰি উলিওৱাটো অসম্ভৱ। অসম মূলতঃ ম্যানমাৰৰ এটা অংশ আছিল, ১৮২৪ চনত ব্ৰিটিছে এই অঞ্চলৰ এটা অংশ জয় কৰাৰ পিছত অসমক এক চুক্তিৰ অধীনত ব্ৰিটিছৰ হাতত গতাই দিয়া হৈছিল ।

অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল, ইতিহাস নাজানিলে কথা ক'ব নালাগেঃ হিমন্ত বিশ্ব
বিদেশ ভ্ৰমণ বাতিল কৰিলে ৰাহুল গান্ধীয়েঃ দলীয় বিপৰ্যয়ক দিলে অধিক প্ৰাধান্য....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in