বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহত তালাচী আয়কৰ বিভাগৰ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ প্ৰতিদ্বন্দ্বিৰ বাসগৃহত তালাচী আয়কৰ বিভাগৰ
বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ প্ৰতিদ্বন্দ্বিৰ বাসগৃহত তালাচী আয়কৰ বিভাগৰ

ডিজিটেল ডেস্কঃ নৱেম্বৰত মাহতে দেশত হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ইতিমধ্যে মিজোৰামৰ নিৰ্বাচন হৈ যায় যদিও আন ৰাজ্যৰ নিৰ্বাচন বাকী আছে। ইয়াৰ প্ৰাক-মূহুৰ্ততে কেন্দ্ৰীয় সংস্থাসমূহে নেতাসকলৰ বিৰুদ্ধে চলাই গৈছে অভিযান।

তেলেংগানাৰ ৩০ নৱেম্বৰত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে আয়কৰ বিভাগে হায়দৰাবাদ আৰু খাম্মামৰ কংগ্ৰেছ প্ৰাৰ্থী পি শ্ৰীনিবাস ৰেড্ডীৰ কাৰ্যালয় আৰু আৱাসিক চৌহদত তালাচী চলায়। অৱশ্যে এই অভিযানত আয়কৰ বিভাগে কিবা তথ্য লাভ কৰে নে নাই এই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই। কংগ্ৰেছ নেতা-কৰ্মী সকলে আয়কৰ বিভাগৰ এই অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰেড্ডী খাম্মামৰ পলৈৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই সন্দৰ্ভত ৰেড্ডীয়ে কয় যে, বিআৰএছ (ভাৰত ৰাষ্ট্ৰ সমিতি)ৰ বি দল অৰ্থাৎ বিজেপি (ভাৰতীয় জনতা পাৰ্টি)ৰ পৰামৰ্শ অনুসৰি এই অভিযান চলোৱা হৈছে। মই কালিৰ সংবাদমেলত এই কথা কৈছিলো। মই আজি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰদান কৰাৰ কথা আছিল। দলৰ কাৰ্যকৰ্তাসকলৰ মাজত ভয় সৃষ্টি কৰিবলৈ বিআৰএছ আৰু বিজেপিয়ে এই ষড়যন্ত্ৰ কৰা বুলি তেওঁ কয়।

উল্লেখ্য যে, এইগৰাকী নেতাই বুধবাৰে সংবামেল সম্বোধন কৰি কৈছিল যে আয়কৰ বিভাগ, ইডিৰ দৰে সংস্থাসমূহৰ চকু তেওঁৰ ওপৰত আছে। ইয়াৰ পাছতে আজি আয়কৰ বিভাগে তালাচী চলায়। লগতে তেওঁ এয়াও কয় যে বিআৰএছ আৰু বিজেপিয়ে লগ হৈ কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ প্ৰতিদ্বন্দ্বিৰ বাসগৃহত তালাচী আয়কৰ বিভাগৰ
মিৰ্জা-চানডুবি পথত দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল যুৱকৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in