জ্যেষ্ঠ নেতা আজম খানৰ বাসগৃহত আয়কৰ বিভাগৰ ৭২ ঘণ্টীয়া অভিযান

জ্যেষ্ঠ নেতা আজম খানৰ বাসগৃহত আয়কৰ বিভাগৰ ৭২ ঘণ্টীয়া অভিযান

ডিজিটেল ডেস্কঃ এইবাৰ কৰ ফাঁকিৰ সন্দেহত আয়কৰ বিভাগৰ জালত সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আজম খান। চৰকাৰক ৮০০ কোটি টকা কৰ ফাঁকি দিয়াৰ অভিযোগ উত্তৰ প্ৰদেশৰ জ্যেষ্ঠ ৰাজনীতিবিদ আজম খানৰ বিৰুদ্ধে। কৰ ফাঁকি দিয়াৰ সন্দেহত আয়কৰ বিভাগে আজম খানৰ কেইবাটাও সম্পত্তিত ইতিমধ্যেই অভিযান চলাইছে।

খবৰ অনুসৰি ভাৰতীয় আয়কৰ বিভাগৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আজম খানৰ উত্তৰ প্ৰদেশৰ ৰামপুৰৰ জেইল ৰোডস্থিত বাসগৃহত বিগত ১৩ ছেপ্টেম্বৰৰ পুৱা ৭ বজাৰ পৰা তিনিদিনীয়া অভিযান চলাই বিভাগটোৱে। ১৫ তাৰিখৰ পুৱা ৭ বজাত অন্ত পৰা এই অভিযানৰ পাছত আজম খানে চৰকাৰক ৮০০ কোটি টকা কৰ ফাঁকি দিয়াৰ কথা ৰাজহুৱাকৈ পোহৰলৈ আহে।

উল্লেখ্য যে, এই অভিযানৰ অংশ স্বৰূপে উত্তৰ প্ৰদেশৰ লগতে মধ্য প্ৰদেশস্থিত খানৰ ৩০ টাতকৈও অধিক সম্পত্তিৰ চৌহদ তথা আত্মীয়ৰ বাসগৃহত অভিযান চলায়। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি বিভাগটোবে মধ্য প্ৰদেশৰ কেইবাটাও স্থানৰ সমান্তৰালভাৱে উত্তৰ প্ৰদেশৰ ৰামপুৰ, চাহাৰনপুৰ, লক্ষ্ণৌ, গাজিয়াবাদ আৰু মীৰাটত ৭২ ঘণ্টীয়া অভিযান চলাইছিল।

এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যখনৰ লগতে দেশৰ ৰাজনীতিতেই ব্যাপক চৰ্চা চলাৰ পৰিলক্ষিত হৈছে। ইপিনে আয়কৰ বিভাগে চলোৱা এই অভিযানক অস্বীকাৰ কৰিছে ৰাজনীতিবিদ আজম খানে। তেওঁক এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, 'এয়া আই-টি বিভাগৰহে এটা অভিযান। তেওঁলোকে আমাৰ বাসগৃহত তিনিদিন থাকি তালাচী চলাই আৰু প্ৰশ্ন সোধে।' অৱশ্যে এই সন্দৰ্ভত অধিক কোৱাৰ পৰা বিৰত থাকে নেতাজন।

নেতাজনৰ মৌনতাই ৮০০ কোটি টকা কৰ ফাঁকি দিয়াৰ সন্দেহক সঁচালৈ পৰিণত কৰিছে। আনহাতে বিভাগটোৱে অভিযান চলাই ৮০০ কোটি টকা কৰ ফাঁকি দিয়াৰ কথা পোহৰলৈ আনিলেও এই সন্দৰ্ভত কি তথ্য লাভ কৰিছে বা এই অভিযোগ কিমান দূৰ সত্য প্ৰমাণিত হ'ল তাক লৈ মুখ খোলা নাই।

জ্যেষ্ঠ নেতা আজম খানৰ বাসগৃহত আয়কৰ বিভাগৰ ৭২ ঘণ্টীয়া অভিযান
ৰাজ্যজুৰি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালনৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in