ৰাজ্যজুৰি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালনৰ আয়োজন

ৰাজ্যজুৰি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালনৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটীঃ জ্যেষ্ঠ নাগৰিকৰ জীৱন- কৃতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই ঘোষণা কৰা নিয়মভিত্তিক মহত্বৰ ওপৰত ১ অক্টোবৰত "আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস" পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত পালন কৰি অহা হৈছে। বিগত বৰ্ষৰ দৰে অসমত এইবাৰো অসমৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰতিখন জিলাতে জ্যেষ্ঠ নাগৰিকৰ আন্তৰ্জাতিক দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰাৰ বাবে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালকৰ বেলতলাস্থিত কাৰ্যালয়ৰ পৰা চিঠি নং দি এছ জে ই(জি)২৮/২০২২/৪০-তাং১৩ছেপ্তেম্বৰ /২০২৩যোগে জনোৱা হৈছে।

এই মহত্বপূৰ্ণ দিৱসটো পালনৰ বাবে অসমৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই উদ্যোগ লৈছে বুলি জানিব পৰা গৈছে। অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া স্বাক্ষৰিত পত্ৰখনত দিৱস পালনৰ দিনা সাংগঠনিক কাৰ্যসূচীৰ লগতে আলোচনা চক্ৰ, বিভিন্ন বিষয়ৰ পৰ্যালোচনা আদিকে ধৰি প্ৰাসংগিক কাৰ্যসূচী পালন কৰা হ'ব বুলি কোৱা হৈছে।

জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ অধ্যক্ষ ড'প্ৰদীপ ঠাকুৰীয়াৰ পৰা জানিব পৰা মতে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ৪৬/১১নং প্ৰস্তাৱ অনুসৰি গৃহীত বয়স্ক লোকসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ নীতি আৰু ভাৰতীয় সংবিধানৰ ৪১নংধাৰাৰ আধাৰত ভাৰত চৰকাৰে দেশখনৰ বয়স্ক লোকসকলৰ কল্যাণৰ হকে 'ৰাষ্ট্ৰীয় নীতি ১৯৯৯' ঘোষণা কৰাৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় নীতিৰ আধাৰত অসম চৰকাৰে ৰাজ্যখনৰ জ্যেষ্ঠ নাগৰিকৰ বাবে 'অসম ৰাজ্যিক নীতি ২০১৬' তৎকালীনভাৱে বলবৎ হোৱাকৈ অধিসূচিত কৰে। এনে ক্ষেত্ৰত বিষয়া গৰাকীয়ে এনে গুৰুত্বপূৰ্ণ দিৱসতো সানন্দে সকলোৱে গুৰুত্বসহকাৰে পালন কৰাটো আশা প্ৰকাশ কৰিছে।

দিৱস পালনৰ প্ৰসংগত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ আৰু প্ৰেছ , জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে এক প্ৰেছ বিজ্ঞপ্তি যোগে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সকলো জিলা সন্মিলন, শাখা সন্মিলনকে ধৰি সন্মিলনৰ অন্তৰ্ভুক্ত সংগঠনৰ কৰ্মকৰ্তাসকলক জিলা উপায়ুক্ত, গাওপঞ্চা‌য়তৰ নেতৃত্বত থকা কাৰ্যবাহীসকলক লগ কৰি সক্ৰিয় সহযোগিতাৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস সাফল্যমণ্ডিত কৰাৰ আহ্বান জনাইছে।

ৰাজ্যজুৰি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালনৰ আয়োজন
ভক্তিৰসেৰে জীপাল মথুৰাপুৰৰ আকাশ- বতাহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in