ভূটানত আই চি চি স্বীকৃতিপ্ৰাপ্ত প্ৰথমখন ক্ৰিকেট গ্ৰাউণ্ড উদ্বোধন

আই চি চিৰ ডেপুটী চেয়াৰমেন ইমৰান হামিদ খৌৱাজা, প্ৰমোদ বড়োসহ আন বিষয়াসকলে হাতত বেট লৈ নৱনিৰ্মিত ক্ৰিকেট গ্ৰাউণ্ডত ক্ৰিকেট খেলৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
ভূটানত আই চি চি স্বীকৃতিপ্ৰাপ্ত প্ৰথমখন ক্ৰিকেট গ্ৰাউণ্ড উদ্বোধন

ডিজিটেল ডেস্ক : চুবুৰীয়া দেশ ভূটানত আই চি চি স্বীকৃতিপ্ৰাপ্ত প্ৰথমখন ক্ৰিকেট গ্ৰাউণ্ড মুকলি কৰা হয়। গেফলু চহৰত নিৰ্মাণ কৰা দেশৰ প্ৰথমখন ক্ৰিকেট গ্ৰাউণ্ড লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত ক্ৰিকেট অনুৰাগী।

Advertisment

ভূটান ৰ যুৱৰাজ তথা ভূটান অলিম্পিক সন্থাৰ সভাপতি জিগেল ওগিয়েন ওৱানচুক আৰু আই চি চিৰ ডেপুটী চেয়াৰমেন ইমৰান হামিদ খৌৱাজাই ভূটানৰ পৰাম্পৰাগত নীতি-নিয়মৰ মাজেৰে 'গেফলু ইণ্টাৰনেচনেল ক্ৰিকেট গ্ৰাউণ্ড' উদ্বোধন কৰে। এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ভূটানৰ ভাৰতীয় ৰাষ্ট্ৰদূত নীতিন ওয়েলা, আই চি চি (এছিয়া)ৰ উন্নয়ন মেনেজাৰ তথা আন আন বিষয়ববীয়াসকল।

আই চি চিৰ ডেপুটী চেয়াৰমেন ইমৰান হামিদ খৌৱাজা, প্ৰমোদ বড়োসহ আন বিষয়াসকলে হাতত বেট লৈ নৱনিৰ্মিত ক্ৰিকেট গ্ৰাউণ্ডত ক্ৰিকেট খেলৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

Also Read: অগ্ৰগতি লৈও ব্যৰ্থ ! মোহনবাগানৰ বিৰুদ্ধে পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড

pramod boro Bhutan Olympic Committee Gelephu International Cricket Ground international cricket council bhutan