বিয়াৰ মাজতে বিহ পান কৰি আত্মহত্যা দৰাৰ...

পৰিৱেশ দেখি উপস্থিত সকলো ৰাইজৰ মাজত লাগিল হুৱা-দুৱা

author-image
Asomiya Pratidin
New Update
বিয়াৰ মাজতে বিহ পান কৰি আত্মহত্যা দৰাৰ...

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ পূজাৰীৰ বেদ মন্ত্ৰৰ মংগল ধ্বনিৰে চলি আছিল এখন বিয়াৰ মাংগলিক পৰ্ব। উপস্থিত ৰাইজৰ মাজত আনন্দৰ জোৱাৰ। আৰ্য সমাজৰ এটা মন্দিৰত সামাজিক ৰীতি-নীতিৰে অনুষ্ঠিত হোৱা বিয়াখনত হঠাৎ লাগিল অথন্তৰ।

Advertisment

মধ্য প্ৰদেশৰ ইন্দোৰ চৰহত অনুষ্ঠিত হৈছিল এই বিয়াখন। সমাজক সাক্ষী কৰি দৰা-কইনা ব্যস্ত আছিল বিয়াৰ মাংগলিক পৰ্বত। তেনে পৰিৱেশৰ মাজতে অকাস্মাৎ দৰা-কইনাৰ মাজত কিবা কথাত দাতে-ওঁঠে লাগিল।

সেয়াই যেন বিবাদৰ সূত্ৰপাত। বিয়াৰ মাজতেই খঙত অগ্নিশৰ্মা হৈ উভয়ে কৰিলে বিহ পান। এনে পৰিৱেশ দেখি উপস্থিত সকলো ৰাইজৰ মাজত লাগিল হুৱা-দুৱা।

পৰিয়ালৰলোকসহ আন একাংশ ৰাইজে ততালিকে দৰা-কইনা দুয়োকে চিকিৎসালয়লৈ নিয়ে। চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাতে চিকিৎসকে ২১ বছৰীয়া দৰাজনক মৃত বুলি ঘোষণা কৰে। আনহাতে ২০ বছৰীয়া কইনাগৰাকীয়ো চিকিৎসালয়ত জীৱন-মৃত্যুৰ সতে যুঁজি থকা বুলি জানিব পৰা গৈছে।

Also Read: মুছলমান আৰু স্বপ্ল বস্ত্ৰ পৰিধান কৰাসকল সোমাব নোৱাৰিব হনুমান মন্দিৰত !

marriage