
ডিজিটেল ডেস্কঃ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ভাৰতত ক্ৰমাৎ বৃদ্ধি হৈছে ধৰ্মীয় অসহিষ্ণুতা। প্ৰতিদিনেই ধৰ্মৰ নামত চলি আছে ৰাজনীতিৰ কুটিল খেলা। সমাজত বৃদ্ধি পোৱা ধৰ্মীয় উন্মাদনা এনেদৰে বৃদ্ধি পোৱাৰ মাজতেই দেশৰ এটা মন্দিৰৰ বাহিৰত লগোৱা এখন বিশেষ পোষ্টাৰে সচেতন লোকসকলক আচৰিত কৰি তুলিছে।
আলিগড়ৰ এটি হনুমান মন্দিৰৰ বাহিৰত লগোৱা হৈছে এখন বিশেষ পোষ্টাৰ।আলিগড়স্থিত হনুমান মন্দিৰৰ বাহিৰত লগোৱা পোষ্টাৰত উল্লেখ কৰা হৈছে যে, কোনো মুছলমান সম্প্ৰদায়ৰ লোকে হনুমান মন্দিৰটিত প্ৰৱেশ কৰিব নোৱাৰিব।
লগতে পোষ্টাৰখনত লিখিছে, হিন্দু ধৰ্মালম্বী লোকসকলেও মাৰ্জিত পোচাকৰ বাহিৰে চুটি বস্ত্ৰ পৰিধান কৰি হনুমান মন্দিৰটিত প্ৰৱেশ কৰিব নোৱাৰিব। হিন্দু ধৰ্মালম্বী ভক্তসকলৰ কোনেও ফটা জিনচ অথবা স্বল্প বস্ত্ৰ পৰিধান কৰি মন্দিৰৰ ভিতৰত কৰিব নোৱাৰিব।
এই সন্দৰ্ভত মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা এগৰাকী ব্যক্তিয়ে উল্লেখ কৰে যে, কোনো ধৰ্মীয় স্থানত ফটা জিনচ বা স্বল্প বস্ত্ৰ পৰিধান কৰি অহাটো অশোভনীয় আৰু অপমানসূচক।লগতে কয় যে, ভক্তসকলে বাহিৰত যিকোনো বস্ত্ৰ পৰিধান কৰক কিন্তু মঠ-মন্দিৰৰ ক্ষেত্ৰত এইধৰণৰ পোচাক পৰিধান কৰাটো অনুচিত।
আনহাতে মুছলমান সম্প্ৰদায়ৰ লোকসকলক মন্দিৰত প্ৰেৱেশৰ ক্ষেত্ৰত কয় যে, যিসকল মুছলমানে হিন্দু ধৰ্মৰ দেৱ-দেৱীসকলক উপাসনা কৰিব নিবিচাৰে তেনে মুছলমান মন্দিৰলৈ অহাৰ কোনো অৰ্থ নাই।