কোটিপতি বিধায়ক, আছে বহু গোচৰো...

কোটিপতি বিধায়ক, আছে বহু গোচৰো...

ডিজিটেল ডেস্ক : সমাপ্ত হ'ল গুজৰাট নিৰ্বাচনৰ চৰ্চা । বহু কল্পনা জল্পনাৰ অন্ত পেলাই গুজৰাটৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ভূপেন্দ্ৰ পেটেলে । ইয়াৰ সৈতেই গঠন হ'ল গুজৰাটৰ নতুন মন্ত্ৰীসভা । কিন্তু শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনে মুকলি কৰিছে এই মন্ত্ৰীসভাৰ আন কিছু তথ্যহে । গুজৰাট বিধান সভাৰ ৪০ জন মন্ত্ৰী অৰ্থাৎ ২২ শতাংশ মন্ত্ৰীৰ ওপৰত আছে বিভিন্ন ধৰণৰ অপৰাধৰ গোচৰ । অৱশ্যে ২০১৭ ৰ সৈতে তুলনা কৰিলে হ্ৰাস হৈছে মন্ত্ৰীসভাত অপৰাধীৰ সংখ্যা ।

ইয়াৰে ২৯ গৰাকী বিধায়কৰ ওপৰত আছে গুৰুতৰ অপৰাধৰ অভিযোগ । যি সমূহ গোচৰৰ অধিকাংশই জামিনবিহীন তথা কাৰাবাস খাটিব লগীয়া । ৩ গৰাকী বিধায়কৰ ওপৰত আছে হত্যাৰ গোচৰ আৰু এগৰাকী বিধায়কৰ বিৰুদ্ধে পঞ্জীয়ন হৈ আছে যৌন আতিশয্যৰ গোচৰো ।

এই গোচৰ কেৱল বিজেপি চৰকাৰৰ বিধায়কৰ বিৰুদ্ধেই নহয় বৰং কংগ্ৰেছৰ বিধায়ক সকলৰো একেই অৱস্থা । বিজেপিৰ ১৫৬ গৰাকী বিধায়কৰ ২৬ গৰাকী আৰু কংগ্ৰেছৰ ১৭ গৰাকী বিধায়কৰ ৯ গৰাকীয়ে নিজেই এই গোচৰৰ কথা উল্লেখ কৰিছিল নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা শপতনামাত ।  আনহাতে, সৰ্বমুঠ ১৮২ গৰাকী বিধায়কৰ ১৫১ গৰাকীয়েই কোটিপতি । অৰ্থাৎ বিধায়ক সকলৰ ৮০ শতাংশই কোটিপতি ।

শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিজয়ী বিধায়ক সকলৰ গড় সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ১৭ কোটি টকাতকৈও অধিক । আনহাতে, কংগ্ৰেছৰ বিজয়ী বিধায়ক সকলৰ গড় সম্পত্তিৰ পৰিমাণ প্ৰায় ৫ কোটি । এই সকলোৰে শীৰ্ষত আছে বিজেপিৰ জয়ন্তিভাই পেটেল । এই গৰাকী বিধায়কৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬৬১ কোটি টকা ।

এতিয়া প্ৰশ্ন হয়, ক্ষমতাৰ জৰিয়তে কোটিপতি হোৱা তথা আইনৰ সুৰুঙাৰে সাৰি যোৱা এই সকল লোকে ৰাজ্যখনৰ ন্যায় ব্যৱস্থাক সুৰক্ষা দিব পাৰিব জানো ? ইয়াৰ ওপৰিও সততেই দেশৰ দৰিদ্ৰ জনতাৰ কথা কৈ অহা কোটিপতি নেতা সকলে সচাকৈয়ে বুজিব দৰিদ্ৰ লোকসকলৰ বিননি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in