মুম্বাইত বিৰোধী মহাজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

মুম্বাইত বিৰোধী মহাজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

author-image
Asomiya Pratidin
New Update
মুম্বাইত বিৰোধী মহাজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল ডেস্ক : 'জোড়েগা ভাৰত জীতেহা ইণ্ডিয়া' মূলমন্ত্ৰৰে আজিৰে পৰা দুদিনীয়াকৈ মুম্বাইত বিৰোধী মহাজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে বিৰোধী শিবিৰ ইণ্ডিয়া মৰ্চা। ইতিমধ্যে মুম্বাইত অনুষ্ঠিত এই বৈঠকৰ বাবে দেশৰ আগশাৰীৰ বিৰোধীৰ ৰাজনীতিক আহি উপস্থিত হৈছে।

Advertisment

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিৰোধৰ সমীকৰণ প্ৰস্তুত কৰাৰ বাবে বৃহস্পতিবাৰৰ পৰা চলিব এই বৈঠক। ২৬টাকৈ ৰাজনৈতিক দলৰে গঠিত ইণ্ডিয়া মৰ্চাৰ এই সন্মিলনতে নিৰ্ধাৰণ হ'ব আসন ভাগ-বটোৱাৰাৰ কৌশল।

ইফালে এই সন্মিলনতে বিৰোধী পক্ষৰ ল'গ' চূড়ান্ত কৰা হ'ব। আনহাতে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটোৱেই একমাত্ৰ লক্ষ্য বুলি ইণ্ডিয়াত জড়িত প্ৰতিটো দলে প্ৰকাশ কৰিছে ।

Also Read: ভাৰতলৈ আহিবলৈ অস্বীকাৰ : চীনলৈ আহিব ৰাষ্ট্ৰপতি পুটিন

mumbai meeting